/asomiyapratidin/media/media_files/2025/06/25/morigaon-civil-25-2025-06-25-13-20-23.jpg)
ডিজিটেল ডেস্কঃ তিনি বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ আই চি ইউ অহা ১ জুলাইৰ পৰা কাৰ্য্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে নৱ নিযুক্ত জিলা আয়ুক্তগৰাকীয়ে। উল্লেখ্য যে, আজিৰ পৰা তিনি বছৰ পূৰ্বেই মৰিগাওঁ জিলাৰ অভিভাৱক মন্ত্ৰী তথা তদানীন্তন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মুকলি কৰিছিল মৰিগাওঁ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কক্ষ। কিন্তু তাৰ পিছতো আজিও কাৰ্যক্ষম হোৱা নাই এই আই চি ইউ কক্ষ।
কিন্তু জিলাখনৰ আয়ুক্তি হিচাপে শেহতীয়াকৈ দায়িত্ব লাভ কৰা অনামিকা তিৱাৰীয়ে চিকিৎসালয়খন আকস্মিক পৰিদৰ্শন কৰাৰ সময়তে এই আই চি ইউ কক্ষ অহা ১ জুলাইৰ পৰা কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছে। জিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কালত চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ ৱাৰ্ডসমূহৰ লগতে পৰিদৰ্শন কৰে আই চি ইউ কক্ষও।
সেই সময়তে তেওঁ নিশ্চিত হয় কেৱল চিকিৎসকৰ অভাৱতে যোৱা ৩ বছৰে এই আই চি ইউ কক্ষ কাৰ্যক্ষম হোৱা নাই।
জিলা আয়ুক্তগৰাকীয়ে কয়, কেইজনমান হ’লেও জ্যেষ্ঠ চিকিৎসক মৰিগাওঁ অসামৰিক চিকিৎসালয়লৈ তেওঁ আনিবলৈ চেষ্টা কৰিব।
তাৰোপৰি টেলি মেডিচিনৰ জৰিয়তে জুৰৰীকালীন চিকিৎসা এই চিকিৎসালয়খনতে কৰাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব বুলিও মন্তব্য কৰিছে। উল্লেখ্য যে, পূৰ্বৰ জিলা আয়ুক্তগৰাকীয়েও বাৰে বাৰে ৰাইজক এই চিকিৎসালয়খনৰ ৩ বছৰ পূৰ্বেই মুকলি হোৱা আই চি ইউ কক্ষ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁ কাৰ্যক্ষম কৰি তুলিব পৰা নাছিল এই আই চি ইউ কক্ষ।