বিহু চাই ঘৰলৈ উভতা পথতে দুৰ্ঘটনাঃ নিহত দুই ভাতৃ

বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ পকা খুটাত খুণ্ডা মৰা ফলত দুৰ্ঘটনাটো  সংঘটিত হয়। এজন যুৱক চিটিকি পৰা ফলত প্ৰাণ ৰক্ষা পৰে যদিও থিতাতে মৃত্যু হয় দুই ভাতৃৰ।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ,মৰিগাঁওঃ  বুধবাৰে নিশা মৰিগাঁও বাখৰবৰী বণিয়া গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত থিতাতে নিহত হয় দুই ভাতৃ। বিহু চাই এখন মটৰ চাইকেলেৰে উভতি আহিছিল তিনিজন যুৱক।

Advertisment

বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ পকা খুটাত খুণ্ডা মৰা ফলত দুৰ্ঘটনাটো  সংঘটিত হয়। এজন যুৱক চিটিকি পৰা ফলত প্ৰাণ ৰক্ষা পৰে যদিও থিতাতে মৃত্যু হয় দুই ভাতৃৰ।

মৃত ভাতৃদ্বয় বাখৰবৰীৰ চোমন দাস আৰু নিৰ্মল দাস। এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে।

মৰিগাঁও