/asomiyapratidin/media/media_files/2025/04/16/R2uqS1X5Fw03SsX2J1Vj.jpg)
ডিজিটেল সংবাদ,মায়ং: সাহিত্য, কলা-সংস্কৃতি, সামাজিক ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক সন্মান জনোৱাৰ উদ্দেশ্যে সদৌ অসম কবি সন্মিলনে ব'হাগী বৰণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। মৰিগাঁও জিলা কবি সন্মিলনে বিভিন্ন শাখাৰ সহযোগত পহিলা ব'হাগত জিলাৰ ৩৫ গৰাকী বিশিষ্ট ব্যক্তিক এইবাৰ ব'হাগী বৰণ কৰে।
সেই অনুসৰি কপাহেৰা আঞ্চলিক শাখা কবি সন্মিলনে সমাজকৰ্মী বীৰচিং ডেকা, সূৰ্য্যকান্ত ফুকন,পূৰ্ণকান্ত নাথ,ডিম্বেশ্বৰী লাহন, পূৰ্ণচন্দ্ৰ ডেকাক ব'হাগী বৰণ কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক ভূৱন চন্দ্ৰ ডেকা, সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতীম বৰা, কপাহেৰা আঞ্চলিক শাখা কবি সন্মিলনৰ সভাপতি দীপ সংগীত বৰুৱা, সম্পাদক দিপাংকৰ নাথ প্ৰমুখ্যে শাখাৰ সদস্যসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
একেদৰে হাবিবৰঙাবাৰী শাখা কবি সন্মিলনে সমাজকৰ্মী নগেন চন্দ্র নাথ, আক্কাছ আলী, লিয়াকত আলী, প্ৰফুল্ল চন্দ্র নাথ, সূৰ্যকুমাৰ নাথক ব'হাগী বৰণ কৰে। কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ, মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক নীলকান্ত নাথ, হাবিবৰঙাবাৰী শাখা কবি সন্মিলনৰ বাহাৰুল ইছলামে অংশগ্ৰহণ কৰে।
জাগীৰোড শাখা কবি সন্মিলনে ৰূপ সিংহ দেউৰী আমচং,হলিৰাম ডেকা , দেৱেন গগৈ ,দুলাল মজুমদাৰ আৰু গুৰু দত্তক ব'হাগী বৰণ কৰে । আনহাতে মৰিগাঁও সদৰ শাখা কবি সন্মিলনে নাট্যকৰ্মী যুগৰাম দাস, কলা-সংস্কৃতিৰ সাধক মোহন চন্দ্ৰ বৰদলৈ, ডাঃ জগত চন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, কবি লিপিকা বৰুৱাক ব'হাগী বৰণ কৰে।
কাৰ্যসূচীত মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি তথা সদৰ শাখা কবি সন্মিলনৰ সভাপতি জগদীশ নাথ , সদৰ শাখাৰ উপ-সভাপতি মমী নাথ,সম্পাদক দেৱজিৎ ডেকা, প্ৰচাৰ সম্পাদক অনুপ কুমাৰ দাস, সাংগঠনিক সম্পাদক চিমৰাজ হুচেইন, সদস্যা ৰশ্মি ৰেখা কাশ্যপে অংশগ্ৰহণ কৰে।
একেদৰে কলং-কপিলী শাখা কবি সন্মিলনে সাহিত্যিক লক্ষেশ্বৰ ডেকা, সমাজকৰ্মী অৰ্জুন ডেকা, তিখেশ্বৰ ডেকা, লেখিকা বিনু কুমাৰী ডেকা আৰু বহুভাষিক কবি ৰাজুমনি শইকীয়াক ব'হাগী বৰণ কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক জয়ন্ত সাগৰ শইকীয়া, কলং-কপিলী শাখা কবি সন্মিলনৰ সভাপতি ৰণ্টুমণি শইকীয়া, সম্পাদক
অবিনাশ মহন্ত প্ৰমুখ্যে শাখাৰ বিষয়ববীয়া সকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
মায়ং শাখা কবি সন্মিলনে ডা০ কৃষ্ণ কান্ত কোঁৱৰ, কুমুদ চন্দ্ৰ মেধি, ৰাজেন শইকীয়া, মিহিৰ হাজৰিকা আৰু মুকুট বিষয়াক ব'হাগী বৰণ কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি তথা মায়ং শাখা কবি সন্মিলনৰ সভাপতি ড° উৎপল নাথ , মায়ং শাখা কবি সন্মিলনৰ সম্পাদক অসীম কুমাৰ নাথ, চিনুপ্ৰভা দেৱী প্ৰমুখ্যে মায়ং শাখা কবি সন্মিলনৰ বিষয়ববীয়া সকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
চৰাইবাহী শাখা কবি সন্মিলনে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী- লেখিকা ৰিজু প্ৰভা বৰঠাকুৰ, সমাজকৰ্মী কুলভ বৰদলৈ, মিন্টু কুমাৰ নাথ, মণিলাল নাথ আৰু সোমেশ্বৰ নাথক ব'হাগী বৰণ কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক তথা চৰাইবাহী শাখা কবি সন্মিলনৰ সম্পাদক মিণ্টু কুমাৰ মেধি, শাখাৰ পত্ৰিকা সম্পাদক ৰংগন কুমাৰ নাথ, কাৰ্যনিৰ্বাহক ৰমনী মোহন বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
আনহাতে ব'হাগী বৰণ কাৰ্যসূচী সফল কৰাৰ বাবে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা আৰু সম্পাদক
ৰাজীৱ চহৰীয়াই শাখাসমূহৰ বিষয়ববীয়া সকলক ধন্যবাদ জ্ঞাপন কৰে।