/asomiyapratidin/media/media_files/2025/03/14/cgMQrPIGLhDXBbxFTilE.jpg)
ৰমাকান্ত দেউৰীৰ সংবাদমেল
ডিজিটেল ডেস্ক: চলিত বিধানসভা বাজেট অধিবেশন সন্দৰ্ভত মৰিগাঁও জিলা বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিধায়কজনে বাজেট সন্দৰ্ভত কৰে কেইবাটাও মন্তব্য।
বিৰোধীক তীব্ৰ সমালোচনা কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়, "এইখন দুখীয়াৰ জনসাধাৰনৰ বাজেট। বিশেষকৈ এই বাজেটৰ অৰুনোদয় আঁচনিক দুখীয়া মহিলাসকলে সমৰ্থন জনাইছে। অৰুণোদয় আঁচনিখনৰ বাবে নাতি কেইটাক মাছ দুসাঁজ খুৱাবলৈ সক্ষম হৈছে একাংশ দুখীয়া মহিলাই। চুলিৰ সমান আয়ুস হ'বলৈ চুলি নোহোৱা বিধায়ক ৰমাকান্ত দেউৰীক চুলি লগাই দিব অৰুণোদয় লাভ কৰা মহিলাই। কেৱল বিধায়কৰে নহয় আয়ুস বাঢ়িবলৈ মুখ্যমন্ত্ৰীকো চুলি লগাই দিব দুখীয়া মহিলা সকলে।"
আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগত বিধায়ক জনে মন্তব্য কৰে, "মুখ্যমন্ত্ৰীয়ে কৈছে ১০০ খন আসন লাভ কৰিব কিন্তু মই কৈছোঁ ৯০ খন পাম।"