Advertisment

ট্ৰাম্পৰ অনুৰোধত ৰাছিয়া-ইউক্ৰেইনে এৰিব যুদ্ধক্ষেত্ৰ!

ৰাছিয়া আৰু ইউক্ৰেইনক যুদ্ধৰ সমাপ্তি ঘটাই শান্তি আলোচনাত বহিবলৈ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ।  কেৱল আহ্বানেই নহয়, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ফোনযোগে এই আহ্বান জনাই আলোচনাও কৰিছে।

author-image
Asomiya Pratidin
New Update
ৰাছিয়া আৰু ইউক্ৰেইনক যুদ্ধৰ সমাপ্তি ঘটাই শান্তি আলোচনাত বহিবলৈ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ।  কেৱল আহ্বানেই নহয়, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ফোনযোগে এই আহ্বান জনাই আলোচনাও কৰিছে।

শান্তি আলোচনাত বহিবলৈ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনক যুদ্ধৰ সমাপ্তি ঘটাই শান্তি আলোচনাত বহিবলৈ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ।  কেৱল আহ্বানেই নহয়, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ফোনযোগে এই আহ্বান জনাই আলোচনাও কৰিছে।

Advertisment

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ বাবেই অহা শুকুৰবাৰে প্ৰাৰম্ভিক এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা দুয়োখন দেশৰ মাজত। এই বৈঠকখনৰ মধ্যস্থতা  কৰিব আমেৰিকাই। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি আৰু বিদেশ সচিবে নেতৃত্ব দিব এই মধ্যস্থতাকাৰী দলটোক। 

ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান পুটিনৰ সৈতে এই শান্তি আলোচনাক লৈ পতা কথা যথেষ্ট দীঘলীয়া আৰু যোগাত্মক বুলি সামাজিক মাধ্যমত সদৰি কৰিছে ট্ৰাম্পে। প্ৰায় ডেৰ ঘন্টা ধৰি পুটিন আৰু ট্ৰাম্পৰ মাজত হোৱা এই কথোপকথনত ৰাছিয়া আৰু ইউক্ৰেইনৰ শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ লগতে মানুহৰ জীৱন ধাৰণৰ ওপৰতো বিস্তৃতভাৱে আলোচনা কৰা হয়। 

ট্ৰাম্পে প্ৰকাশ কৰে যে, ৰাছিয়াইও এই শান্তি আলোচনাৰ প্ৰস্তাৱক আদৰণি জনাইছে। তেওঁলোকেও অপ্ৰয়োজনীয় কিছু বিষয় অৱসান হোৱাটো বিচাৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত পুটিনলৈ এয়ে প্ৰথম ফোনকল আছিল ট্ৰাম্পৰ। এই ফোনকলৰ মাজতেই পুটিনে ৰাছিয়ালৈ আমন্ত্ৰণ জনালে ট্ৰাম্পক।

পুটিনৰ সৈতে কথা পতাৰ পাছত ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতেও কথা পাতে। আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীয়েও ট্ৰাম্পৰ এই প্ৰস্তাৱক আদৰণি জনায়। শুকুৰবাৰে শান্তি আলোচনাৰ প্ৰাৰম্ভিক বৈঠকত ইউক্ৰেইনৰ প্ৰতিনিধি উপস্থিত থকাৰ নিশ্চিতি প্ৰদান কৰে জেলেনস্কিয়ে। 

 

 

 

ৰাছিয়া ইউক্ৰেইন ৰাছিয়া যুদ্ধ