৫ খন ৰাজ্যত ভোটগণান; জব্দ ৮৫ লাখ লিটাৰ সুৰা…

৫ খন ৰাজ্যত ভোটগণান; জব্দ ৮৫ লাখ লিটাৰ সুৰা…

author-image
asomiyapratidin
New Update
পূজাৰ বতৰত সুৰা বিক্ৰীত অভিলেখ! ৩দিনত বিক্রী ১৬.৮০ কোটি টকাৰ সুৰা

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। এই ভোটগণনাৰ পূৰ্বেই ৫খন ৰাজ্যৰ পৰা প্ৰায় ৮৫ লাখ লিটাৰতকৈ অধিক পৰিমাণৰ সুৰা জব্দ কৰা হয়।

এই ৰাজ্য সমূহৰ ভিতৰত পঞ্জাৱৰ পৰা সৰ্বাধিক সুৰা জব্দ কৰা হয়, পঞ্জাৱৰ পৰা জব্দ কৰা সুৰা মুঠ জব্দ হোৱা সুৰাৰ ৭০ শতাংশ। নিৰ্বাচনী আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি ৫৭৫.৩৯ কোটি টকা মূল্যৰ মাদক পদাৰ্থ এই ৰাজ্য সমূহৰ পৰা জব্দ হৈছে। অৱশ্যে জব্দ হোৱা সামগ্ৰীৰ লগত আছে বিভিন্ন উপহাৰো।

উল্লেখ্য যে, বৃহস্পতিবাৰে ঘোষণা হ'ব ৫ খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল। পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত ইতিমধ্যে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা।

uttar pradesh manipur uttarakhand punjab goa