/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0636aafb-5a45-4ee4-872f-5d8705d7593f/bokakhat_14.jpg)
bokakhat flood
ডিজিটেল সংবাদ বোকাখাতঃ আবতৰীয়া আহিন মহীয়া বানে কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতৰ কৃষকলৈ নমাই আনিছে ভয়ংকৰ বিপদ। বিগত এটা সপ্তাহ ধৰি অপৰিবৰ্তিত অৱস্থাত থকা বোকাখাতত বানে ইতিমধ্যে ৬০ হাজাৰৰো অধিক ৰবি শস্য ভূমি প্লাবিত কৰিছে।
সমষ্টিটোৰ ৰিৰি, এলেংমাৰী, দলপা, নিকৰিঘাট, নিয়াৰ চাপৰি, ভক্তে চাপৰি, গাভৰু চাপৰি, বামুণ চাপৰি, মৰিয়াহোলা, চৱলা চ’গুৰি, যোগনীয়া, দেওদিয়া, ধনশিৰিমুখ আদি অঞ্চলৰ মাটি মাহ, মটৰ মাহ, তিল, বিলাহী, ৰঙালাউ, দাংবডিকে ধৰি আগতীয়া ৰবি খেতি ইতিমধ্যে ধ্বংস কৰিছে এই আবতৰীয়া বানে।
এনে অৱস্থাত কৃষক ৰাইজে প্ৰশ্ন কৰিছে - ইমান বৃহৎ পৰিমানৰ ক্ষয়ক্ষতিৰ পাছত কৃষিমন্ত্ৰীৰ সমষ্টি বোকাখাতৰ কৃষকে কৃষি বিভাগৰ পৰা ক্ষতি পুৰণ লাভ কৰিবনে?কাৰণ প্ৰত্যেক বছৰে বোকাখাতৰ কৃষক সমাজক বানপানী আৰু আন প্ৰাকৃতিক দুৰ্যোগে বিস্তৰ ক্ষতিসাধন কৰে যদিও কোনোবাৰেই এইসকল কৃষি মন্ত্ৰীৰ সমষ্টিৰ কৃষকে ক্ষতিপূৰণ লাভ কৰাৰ নজিৰ নাই।
প্ৰত্যেক বছৰেই বানপানীৰ পাছত নিয়ম মাফিক জড়িপ আদি সমাপন হয় যদিও কৃষকে উচিত ক্ষতিপূৰণ লাভ কৰাৰ কোনো দৃষ্টান্ত নাই বোকাখাতত। "বিপদৰ সময়ত কৃষি বিভাগৰ তৰফৰ পৰা জড়িপ কৰিবলৈ মানুহ আহে কিন্তু ক্ষতিপুৰণ আমি নাপাও, অৱশ্যে বেছি সময়ত দলীয় নেতা পালি নেতাক জড়িপৰ দায়িত্ব দিয়েই দায়িত্ব সামৰে কৃষি বিভাগে।"- ক্ষতিগ্ৰস্ত এজন কৃষকৰ মন্তব্য।
উল্লেখ্য যে, চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত বোকাখাত হৈছিল প্ৰবল শিলাবৃষ্টি, ক্ষতিগ্ৰস্ত হৈছিল সাধাৰণ লোকৰ উপৰিও চৰকাৰী হিচাপত ৩৫০০ কৃষক পৰিয়াল কিন্তু বিগত ৯ মাহে এই সকল ক্ষতিগ্ৰস্তই একোখন তিৰ্পালৰ বাহিৰে লাভ নকৰিলে কোনো ক্ষতিপূৰণ।
"তেতিয়া আমাৰ বৃহৎ ক্ষতি হৈছিল, ঘৰৰ টিনপাতবোৰ চালনীৰ নিচিনা হৈছিল, ৰঙালাওৰ গছবোৰহে বাছিছিল, সৰিয়বোৰ সমুলঞ্চে শেষ হৈছিল, এখন তিৰ্পালৰ বাহিৰে আমি একো নাপালো, সেয়া যোৱা ফেব্ৰুৱাৰী মাহৰ ঘটনা।"- আন এজন ক্ষতিগ্ৰস্তৰ মন্তব্য।
সেয়ে স্বাভাবিকতেই প্ৰশ্ন হয় এইবাৰ আহিনমহীয়া আবতৰীয়া বানত যি ৬০ হাজাৰ বিঘাৰো অধিক ৰবি শস্য নষ্ট হ'ল ইয়াৰ ক্ষতিপুৰণ লাভ কৰিবনে কৃষকে?
নে তথাকথিত জড়িপ আদিৰ আনুষ্ঠানিকতাৰ মাজতেই পুণৰ বাৰ দায়িত্ব সামৰিব দুবাৰকৈ বোকাখাতৰ গাদী দখল কৰা কৃষিমন্ত্ৰী অতুল বৰাই?