/asomiyapratidin/media/media_files/2025/04/26/hvApp1xNOxKsxGXbLFaT.jpg)
ডিজিটেল ডেস্ক : গুজৰাটত অবৈধভাৱে বাস কৰা ৫৫০ৰো অধিক বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে আৰক্ষীয়ে। শনিবাৰে গুজৰাট আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান চলাই আহমেদাবাদ আৰু চুৰাটৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলক আটক কৰে বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ ভাষ্য অনুসৰি আটক কৰা আটাইকেইগৰাকী বাংলাদেশীৰ নথি-পত্ৰ জাল আৰু সন্দেহজনক। তাৰোপৰি আৰক্ষীৰ বিশেষ অভিযান গোট আৰু মানৱ সৰবৰাহৰ বিৰোধী গোটে যুটীয়াভাৱে চলোৱা এই অভিযানত চুৰাটৰ পৰা ১০০ গৰাকী অনুপ্ৰৱেশকাৰীক আটক কৰে।
একেদৰে আজি পুৱাৰ ভাগত আহমেদাবাদৰ পৰা ৪৫০ জনতকৈ অধিক সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰা বুলি সদৰী কৰে। ইতিমধ্যে আটাইকেইগৰাকীক অনুপ্ৰৱেশকাৰীক আৰক্ষীৰ তত্বাৱধানত জেৰা চলাই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।