/asomiyapratidin/media/media_files/2025/07/05/nnnn-2025-07-05-22-06-59.jpg)
ডিজিটেল সংবাদ, লামডিংঃ লামডিং-শিলচৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াও আবদ্ধ হৈ আছে প্রায় ১০,০০০ৰো অধিক বাণিজ্যিক ট্রাক। ৰাজপথতে ১৫-১৬ টাকৈ দিন ধৰি জীয়াতু ভুগিছে চালক-হেন্দিমেনে।
ডিমা হাছাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন তথা প্রায় ৩০ কিলোমিটাৰ পথৰ অৱস্থা অচল আৰু জৰাজীৰ্ণ হোৱাৰ ফলত জিলা প্রশাসনে সকলো ধৰণৰ ট্রাক যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল। যাৰ ফলত বিগত ১৫-১৬ দিন ধৰি হাফলং লৈ যোৱা লামডিঙৰ মূল ঘাইপথচোৱাৰ একে স্থানতে আৱদ্ধ হৈ পৰা গাড়ী চালকসকলৰ পানী, খাদ্য-সামগ্রী, থকা-শুৱা ইত্যাদি বিভিন্ন সমস্যাৰ সম্মুখীন হ'ব লগীয়া হৈছে।
কেৱল এয়াই নহয়, দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা এই গাড়ী সমূহৰ ভিতৰত বহু সংখ্যক মালিকে ভৰিব গীয়া হয় বেংকেৰ EMI। একে স্থানত এই প্ৰচণ্ড গৰমত ইমান দিনে আবদ্ধ হৈ আর্থিক সমস্যাত ভুগিছে মালিকসকল। হোজাই জিলাৰ প্রশাসনৰ ফালৰ পৰাও কোনো ধৰণৰ সহযোগিতা নাপালেও স্থানীয় এজন বেংক কৰ্মীয়ে বিগত দুদিন ধৰি লামডিং বনাঞ্চলৰ ঘাইপথত আবদ্ধ হৈ থকা ট্রাক চালকসকলৰ বাবে পানীৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।
ইয়াৰোপৰি লংকা তথা লামডিং ট্রাক চালক সংস্থাৰ তৰফৰ পৰা মধ্যাহ্ন ভোজনৰ ব্যাবস্থা কৰা হয়। ট্রাক চালক সংস্থাৰ পক্ষৰ পৰা চৰকাৰ তথা ডিমা হাছাও জিলা প্ৰশাসনক অতি শীঘ্রই এই পথেৰে যাতায়াত ব্যবস্থা সচল কৰাৰ দাবী উত্থাপন কৰে। অন্যথা কর্মবিৰতি কৰি আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে।
ইফালে লংকা-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। বৰষুণৰ ফলত ভূমিস্খলন হৈ পাহাৰৰ মাটি খহি পৰে ৰাষ্ট্ৰীয় ঘাইপথচোৱাত। যাৰবাবে বন্ধ হৈ পৰে ঘাইপথটোৰে যাতায়ত। পাৰ্বত্য জিলা ডিমা হাছাওত ভূমিস্খলন হোৱাৰ সময়তে এইবাৰ লঙ্কা-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত ভূমিস্খলন হোৱাৰ ঘটনাত সমস্যাৰ সম্মুখীন হৈছে যাত্ৰীসকল।
উল্লেখযোগ্য যে, নিশা প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত লংকা-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এচ ট্ৰানিং পয়েণ্ট নামৰ স্থানত এই ঘটনা ঘটে। এই মূল পথচোৱা অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো গুৱাহাটী-শিলচৰ, বদৰপুৰ, শ্ৰীভূমি, মিজোৰাম সংযুক্ত কৰে এই ঘাইপথেৰে। যাৰবাবে এতিয়া বন্ধ হোৱাৰ ফলত একাংশ যাত্ৰী অসুবিধাৰ সম্মুখীন হ'বলগীয়া হৈছে।
আনফালে মূল ঘাই পথচোৱাৰ এটা অংশ বন্ধ হৈ পৰাত দুখনকৈ দুচকীয়া বাহনৰ মাজত সংঘৰ্ষ হয় ফলত বাইক আৰোহী দুয়োজন গুৰুত্বভাৱে আহত হয় ।
ঘটনাস্থালিত লামডিং আৰক্ষী উপস্থিত হৈ আৰোহী দুজক লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।