অসম ৰাইফলছকে ধৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীত খালী আছে ১ লাখৰো অধিক পদ

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী আৰু অসম ৰাইফলছৰ ২০২০ৰ পৰা ২০২৪লৈ নতুনকৈ ৭১,২৩১টা পদ সৃষ্টি কৰা হৈছে। ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে এই তথ্য সদৰী কৰে। 

author-image
Asomiya Pratidin
New Update
Zcszd

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী আৰু অসম ৰাইফলছৰ ২০২০ৰ পৰা ২০২৪লৈ নতুনকৈ ৭১,২৩১টা পদ সৃষ্টি কৰা হৈছে। ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে এই তথ্য সদৰী কৰে। 

Advertisment

তেওঁ লগতে জনাই যে ২০২৪ৰ ৩০ অক্টোবৰলৈকে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছত খালী থকা পদৰ সংখ্যা ১০০,২০৪টা। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে অসম ৰাইফলছত ৩,৩৭৭টা পদ খালী আছে। বি এছ এফত ১২,৮০৮টা, চি আই এছ এফত ৩১,৭৮২টা, চি আৰ পি এফত ৩৩,৭৩০টা, আই টি বি পিত ৯,৮৬১টা আৰু এছ এছ বিত খালী থকা পদৰ ৮,৬৪৬টা।

তেওঁ জানিবলৈ দিয়ে যে এই পদসমূহ মূলতঃ অৱসৰ, চাকৰিৰ পৰা পদত্যাগ, পদোন্নতি, কৰ্মৰত জোৱান- বিষয়াৰ মৃত্যু, নতুন বেটেলিয়ন গঠন আৰু নতুন পদ সৃষ্টি কৰাৰ বাবে খালী হৈ আছে। পৰ্যায়ক্ৰমে সেই পদসমূহ ইউ পি এছ চি, এছ এছ চি আৰু আন মকৰলৰ পৰীক্ষা অনুষ্ঠিত কৰি পূৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

assam rifles SSB