Advertisment

প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত ১৭.৯কোটি অতিৰিক্ত চাকৰি সৃষ্টিৰে অভিলেখ

প্ৰধানমন্ত্ৰী মোডী চৰকাৰৰ দিনত ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত নিয়োগ ৩৬ শতাংশ বৃদ্ধি হৈছে। ইয়াৰ বিপৰীতে ২০০৪ আৰু ২০১৪ চনত ইউ পি এৰ শাসনকালত মাত্ৰ ৬ শতাংশহে নিয়োগ বৃদ্ধি হৈছিল।

author-image
Asomiya Pratidin
New Update
্ি

ডিজিটেল ডেস্কঃ  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি মোডী চৰকাৰৰ দিনত চাকৰি সৃষ্টি, কৃষি, উৎপাদন, সেৱা খণ্ডত যথেষ্ট উন্নতি হৈছে। ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত ১৭.৯ কোটি অতিৰিক্ত চাকৰিৰ সৃষ্টি হৈছে। 

Advertisment

আনহাতে ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ইউ পি এৰ শাসনকালত মাত্ৰ ২.৯ কোটি অতিৰিক্ত চাকৰি হে সৃষ্টি হৈছিল। কেন্দ্ৰীয় বাজেট ২০২৫ৰ কাম পূৰ্ণগতিত চলি থকাৰ সময়তে আৰ বি আইৰ এই তথ্য যথেষ্ট আশাব্যঞ্জক।

আৰ বি আইৰ শেহতীয়া তথ্যত উল্লেখ থকা অনুসৰি, যোৱা এটা বছৰৰ ভিতৰতে ৪.৬ কোটি চাকৰিৰ সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰী মোডী চৰকাৰৰ দিনত ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত নিয়োগ ৩৬ শতাংশ বৃদ্ধি হৈছে। ইয়াৰ বিপৰীতে ২০০৪ আৰু ২০১৪ চনত ইউ পি এৰ শাসনকালত মাত্ৰ ৬ শতাংশহে নিয়োগ বৃদ্ধি হৈছিল।

লক্ষ্যণীয় যে,মোডী চৰকাৰৰ সময়ত কৃষি খণ্ডৰ প্ৰসাৰ ১৯ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ইউ পি এৰ সময়ত ১৬ শতাংশ হ্ৰাস পাইছিল। ২০১৪-২০২৪ চনৰ ভিতৰত উৎপাদন খণ্ডত ১৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ইউ পি এৰ ২০০৪-২০১৪ চনত মাত্ৰ ৬ শতাংশ হে বৃদ্ধি পাইছিল। প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন চৰকাৰৰ অধীনত সেৱা খণ্ডতো ৩৬ শতাংশৰ আকৰ্ষণীয় বৃদ্ধি পোৱাৰ বিপৰীতে ইউ পি এৰ শাসনত ২৫ শতাংশ বৃদ্ধি পাইছিল।

প্ৰধানমন্ত্ৰী মোডী