জোনবাইৰ দেশতে সাজিম ঘৰ এখনি, তৰাই জ্বলাব চাকি

জোনবাইৰ দেশতে সাজিম ঘৰ এখনি, তৰাই জ্বলাব চাকি

author-image
asomiyapratidin
New Update
জোনবাইৰ দেশতে সাজিম ঘৰ এখনি, তৰাই জ্বলাব চাকি

ডিজিটেল ডেস্কঃ আপোনাৰ যদি জোনবাইৰ দেশত ঘৰ সজাৰ সপোন আছে,তেনেহলে অচিৰেই পূৰন হ'ব এই আশা! ভাৰতে প্ৰক্ষেপিত কৰা 'চন্দ্ৰযান-১' ৰ সহায়ত নাছাই চন্দ্ৰপৃষ্ঠৰ এক অন্ধকাৰময় ক্ষেত্ৰত পানী জমা হৈ থকাৰ সন্ধান পাইছে।

চন্দ্ৰৰ এই স্থানত বৰফৰ টুকুৰা সিচৰঁতি হৈ থকা অৱস্থাত আছে বুলি ইতিমধ্যে সংকেত লাভ কৰিছে নাছাই। চন্দ্ৰপৃষ্ঠত এই জল হিমবাহ অধিক পৰিমানে থকাৰ তথ্য নাছাৰ মিনৰেল'জী ম'প(এম ৩)ৰ জৰিয়তে ধৰা পেলাইছে।

এই অংশত জোনবাইৰ কক্ষপথ কিছু পৰিমানে তললৈ নমা, যাৰবাবে সেই অংশত সূৰ্যৰ ৰশ্মি নপৰে। নাছাৰ সৈতে ভাৰতে পঠিওৱা চন্দ্ৰযানে অনুৰূপ তথ্য প্ৰেৰণ কৰাত এতিয়া চন্দ্ৰত ঘৰ সাজি বসবাস কৰাৰ সপোন যে এদিন বাস্তৱ হ'ব তাৰ সম্বাৱনা লাহে লাহে উজ্বল হৈ পৰিছে।