Advertisment

২০২৪বৰ্ষ হ'ব ভাৰতীয় অৰ্থনীতিৰ বাবে আৰ্শীবাদ...

শেহতীয়াকৈ ভাৰতীয় অৰ্থনীতিৰ যথেষ্ট পৰিমাণে উত্থান হৈছে আৰু আগন্তুক সময়তো এই উত্থানে মসৃণভাৱে উৰ্ধমুখী হব। এই পূৰ্বাভাস প্ৰকাশ কৰিছে বিভিন্ন দেশৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ বিশ্লেষণ কৰা সংস্থা মুডীজ ৰেটিঙে। 

author-image
Asomiya Pratidin
New Update
অৰ্থনীতি

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতীয় অৰ্থনীতিৰ যথেষ্ট পৰিমাণে উত্থান হৈছে আৰু আগন্তুক সময়তো এই উত্থানে মসৃণভাৱে উৰ্ধমুখী হব। এই পূৰ্বাভাস প্ৰকাশ কৰিছে বিভিন্ন দেশৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ বিশ্লেষণ কৰা সংস্থা মুডীজ ৰেটিঙে। 

Advertisment

যোৱা শুকুৰবাৰে মুডীজ ৰেটিঙে ২০২৪ চনত ভাৰতৰ জিডিপি ৭.২ শতাংশ বৃদ্ধিৰ পূৰ্বাভাস প্ৰকাশ কৰি কয় যে ভাৰতৰ অৰ্থনীতি বৰ্তমনা যথেষ্ট মসৃণ অৱস্থাত আছে।  সংস্থাটোৰ মতে,  এই উত্থানৰ পিছতো অনাগত মাহত খুচুৰা মুদ্ৰাস্ফীতি ৰিজাৰ্ভ বেংকৰ লক্ষ্যৰ দিশে মধ্যমীয়া হ’ব পাৰে। 

গ্ল’বেল মেক্ৰ’ আউটলুক ২০২৫-২৬ত আমেৰিকা ভিত্তিক ৰেটিং এজেন্সীয়ে কয় যে চলি থকা উৎসৱৰ বতৰত ব্যয় বৃদ্ধি আৰু গ্ৰাম্য অঞ্চলৰ চাহিদা স্থায়ীভাৱে বৃদ্ধি পোৱাৰ ফলত ঘৰুৱা সামগ্ৰী ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই কাৰকেও ভাৰতীয় অৰ্থনীতিত ২০২৪বৰ্ষটোত যথেষ্ট প্ৰভাৱ পেলাব বুলি সদৰি কৰে সংস্থাটোৱে। 

ঘৰুৱা ব্যৱহাৰৰ পুনৰুজ্জীৱন, শক্তিশালী বিনিয়োগ আৰু শক্তিশালী উৎপাদনৰ ফলত ২০২৪ চনৰ দ্বিতীয় ত্ৰৈমাসিকত ভাৰতৰ জিডিপি প্ৰতিটো বছৰত৬.৭ শতাংশ বৃদ্ধি পাইছে। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকতো অৰ্থনৈতিক গতি অবিৰত হোৱাৰ ইংগিত পোৱা গৈছে। গতিকে এই দিশৰ পৰা ২০২৪বৰ্ষতো ভাৰতীয় অৰ্থনীতিৰ বাবে আৰ্শীবাদ হব পাৰে। 

ভাৰত