ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ইণ্ডিয়া টুডে গ্ৰুপে চলোৱা 'মুড অৱ দ্য নেশ্যন' শীৰ্ষক এক সমীক্ষাত প্ৰকাশ পাইছে যে, দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে যোগী আদিত্যনাথ। দেশৰ ৩০খন ৰাজ্যত চলোৱা এই সমীক্ষাত পোহৰলৈ আহিছে যে, যোগী আদিত্যনাথৰ কাম-কাজক দেশৰ ৩৩শতাংশ লোকে ভাল পায়। এই তালিকাৰ দ্বিতীয় স্থানত আছে অৰবিন্দ কেজৰিৱাল। ১৪শতাংশ মানুহে ভাল পাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। তালিকাত তৃতীয় স্থানত আছে মমতা বেনাৰ্জী, চতুৰ্থ স্থানত আছে এম কে ষ্টালিন আৰু পঞ্চম স্থানত আছে চন্দ্ৰবাবু নাইডু।
উল্লেখ্য যে, এই সমীক্ষাত প্ৰতিখন ৰাজ্যৰ জনতা সোধা হৈছিল যে, তেওঁলোকৰ মুখ্যমন্ত্ৰীক লৈ তেওঁলোক কিমান সন্তুষ্ট। এই সমীক্ষাত ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টাৱাঙৰ কামক লৈ সন্তুষ্টি ব্যক্ত কৰিলে ৰাজ্যবাসীয়ে। ৫৫.০৭শতাংশ লোকে ছিক্কিমৰ মুখ্যমন্ত্ৰীগৰাকীৰ কামক সন্তুষ্টি ব্যক্ত কৰা দেখা গল।
ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক লৈও ৰাজ্যবাসী সন্তুষ্টি লভাৰ তথ্য এই সমীক্ষাত পোহৰলৈ আহিল। এই সমীক্ষা অনুসৰি, বৰ্তমান অসমৰ ৫০.০৮শতাংশ লোক মুখ্যমন্ত্ৰীৰ কামক লৈ সন্তুষ্ট। ইয়াৰ পূৰ্বে ২০২৪ৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ কামক লৈ ৪৮.০৬শতাংশ লোক সন্তুষ্ট আছিল। ২০২৩ত অসমৰ ৪৯.০২শতাংশ লোক হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক পছন্দ কৰিছিল।
গৃহ ৰাজ্যত জনপ্ৰিয়তাৰ ক্ষেত্ৰত গুজৰাটৰ মুখ্যমন্ত্ৰী ভুপেন্দ্ৰভাই পেটেলৰ জনপ্ৰিয়তাৰ হাৰ হৈছে ৪৬শতাংশ। কিন্তু পূৰ্বতকৈ গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাৰ হাৰ কমিছে। ২০২৩ত ভূপেন্দ্ৰভাই পেটেলৰ জনপ্ৰিয়তাৰ হাৰ আছিল ৫৫.০৩শতাংশ।
গৃহৰাজ্যত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৪৫.০৫শতাংশ মানুহে ভাল পায়। ইয়াৰ বিপৰীতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ ৪৪.০৪শতাংশ মানুহে সমৰ্থন কৰে। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কামক ৪০.০৬শতাংশ মানুহে সমৰ্থন কৰে।
ইফালে দেশৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয়তা থাকিলেও নিজ ৰাজ্যত জনপ্ৰিয়তা ক্ৰমান্বয়ে কমিছে যোগী আদিত্যনাথৰ। বৰ্তমান উত্তৰ প্ৰদেশৰ ৩৮.০৯শতাংশ লোকে সমৰ্থন কৰে যোগী আদিত্যনাথৰ কাম কাজক। উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ ভিতৰতে গৃহ ৰাজ্যত দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পোৱা দুগৰাকী মুখ্যমন্ত্ৰী হৈছে ছিক্কিম আৰু অসমৰ মুখ্যমন্ত্ৰী।