১৮ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

১৮ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

author-image
asomiyapratidin
New Update
১৮ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

ডিজিটেল ডেস্ক: ১৮ জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই সময়চোৱাত চৰকাৰে লোকসভাত চৰ্চা কৰিবলগীয়া বা গৃহীত কৰিব লগীয়া ২০ খনতকৈ অধিক বিধেয়ক উত্থাপন কৰিব।

Advertisment

এই বিধেয়কত আছে বন সংৰক্ষণ সংশোধন বিধেয়ক, শক্তি সংৰক্ষণ সংশোধন বিঝায়ক, পাৰিবাৰিক আদালত সংশোধনী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক।

লোকসভাৰ সচিবালয়ে শুকুৰবাৰে জাৰি কৰা বুলেটিন অনুসৰি অধিবেশনৰ সময়ত ২৪ খন নতুন বিধেয়কৰ উপৰিও চাৰিখন এনেধৰণৰ বিধেয়ক উত্থাপন কৰিব যাৰ ওপৰত চৰকাৰৰ স্থায়ী সমিতিয়ে চিন্তা চৰ্চা কৰিব।

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশন ১৮ জুলাইৰ পৰা ১২ আগষ্টলৈ চলিব। এই সময়চোৱাত ১৮ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ এই অধিৱেশন এইবাবে গুৰুত্বপূ্ৰ্ণ হ'ব যে ১৮ জুলাইত অনুষ্ঠিত হব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৬ আগষ্টত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।

আৰু পঢ়ক: ৭খন জিলাক সংযোগ কৰা ২৯৬ কিলোমিটাৰ দীঘল বুন্দেলখণ্ড এক্সপ্ৰেছৱে আজি প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব…

monsoon session president election vice president election narendra modi