মূল্যবৃদ্ধি! সংসদত কেঁচা বেঙেনা খালে সাংসদ এগৰাকীয়ে…

মূল্যবৃদ্ধি! সংসদত কেঁচা বেঙেনা খালে সাংসদ এগৰাকীয়ে…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধি! সংসদত কেঁচা বেঙেনা খালে সাংসদ এগৰাকীয়ে…

 ডিজিটেল ডেস্ক: বৰ্তমান সদনত চলি আছে বৰ্ষাকালীন অধিৱেশন। এই সময়চোৱাত বিৰোধিয়ে বিভিন্ন সময়ত শাসকীয় পক্ষক আক্ৰমণ কৰি অহা দেখা যায়।

এই সময়চোৱাত বিভিন্ন বিতৰ্ক হোৱাও দেখা যায়। সাংসদ অধিৰ ৰঞ্জনৰ বিতৰ্কিত মন্তব্যৰ পৰা আৰম্ভ কৰি মন্ত্ৰী স্মৃতি ইৰাণীৰ বিবাদলৈকে।

বৰ্তমান চৰ্চাত আছে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ কাকোলি ঘোষ।  এইগৰাকী সাংসদে সদনত কেঁচা বেঙেনা খোৱা দেখা যায়। মূল্যবৃদ্ধি সন্দৰ্ভত চলি থকা আলোচনাৰ মাজতেই এনেদৰে বেঙেনা খোৱা দেখা যায় সাংসদ গৰাকীক।

তেওঁ কয় যে দেশত ইমানেই মূল্যবৃদ্ধি হৈছে যে কেঁচাই কেঁচাই বস্তু খাব লাগবি। আমি কেঁচাই খাম। এনেদৰে কৈয়ে তেওঁ কেঁচা বেঙেনা খাবলৈ আৰম্ভ কৰে।উল্লেখ্য যে,১ আগষ্টত সদনত মূল্যবৃদ্ধি সন্দৰ্ভত হোৱা চৰ্চাত এনেদৰে মত ব্যক্ত কৰে সাংসদ গৰাকীয়ে।

আৰু পঢ়ক: কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা, ড্ৰাগছ সহ আটক সৰবৰাহকাৰী…

loksabha monsoon session tmc bjp