মনহা আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা ও দীপান্বিতাৰ মহাৰজত জয়ন্তীৰ লাইখুটা স্হাপন...

author-image
Asomiya Pratidin
New Update
মনহা আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা ও দীপান্বিতাৰ মহাৰজত জয়ন্তীৰ  লাইখুটা স্হাপন...

শ্ৰী শ্ৰী শ্যামা পূজা

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত মনহা পাৰঘাটত অবস্থিত মনহা কালী মন্দিৰ চৌহদত মনহা আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা আৰু দীপান্বিতাৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আজি উখল-মাখল পৰিৱেশৰ মাজত লাইখুটা স্হাপন কৰা হয়। ১৯৪৮ চনত মনহা বিলৰ পাৰতে স্হাপন কৰা মন্দিৰত প্ৰতি বছৰে শ্যামা পূজা আৰু দীপান্বিতা উদযাপন কৰি অহা হৈছে যদিও এইবাৰ অনুষ্ঠানটিয়ে ৭৫ বছৰত ভৰি দিয়াৰ বাবে মনহা কছাৰীগাওঁ অঞ্চলৰ ৰাইজে আগন্তুক সময়ছোৱাত বছৰজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ককালত টঙালি বান্ধিছে।

Advertisment

আজি শতাধিক ৰাইজৰ উপস্থিতিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে লাইখুটা স্হাপন কৰা হয়।সভাপতি  দীপক কুমাৰ মেধি,কাৰ্যকৰী সভাপতি প্ৰবীন চন্দ্ৰ মেধি আৰু সম্পাদক  বনমালী ডেকাই ৰাইজৰ সহায় সহযোগ বিছাৰিছে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰকুমাৰ কোঁৱৰ,অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ মেধি,ৰোহিত ডেকা, ফণীধৰ ডেকাকে ধৰি কেইবাজনো অৱসৰপ্ৰাপ্ত শিক্ষক আৰু সমাজকৰ্মী উপস্থিত থাকে।

পূজা সমিতিৰ সভাপতি দীপক কুমাৰ মেধীয়ে লাইখুটা পোতে। উল্লেখযোগ্য যে, যোৱা ২৪ অক্টোবৰৰ পৰা চাৰি দিনীয়াকৈ উদযাপন কৰা  ৭৪ তম পূজা আৰু দীপান্বিতা উৎসৱৰ আজি সফল সামৰণি পৰে প্ৰতিমা বিসৰ্জনেৰে।

morigaon mayong