/asomiyapratidin/media/media_files/2025/06/18/dgfh-2025-06-18-20-26-58.jpeg)
ডিজিটেল সংবাদ, নগাঁও : অসম আন্দোলনৰ সময়ৰ ছাত্র নেতা তথা বৰ্তমান নগাঁৱৰ উকীল সন্থাৰ সভাপতি পৰান গোহাঞিৰ পত্নী মনমি ফুকন গোহাঞিৰ ৫৭ বছৰ বয়সত দক্ষিণ হয়বৰগাঁৱৰ নিজ বাসগৃহত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। প্রায় ৮ বছৰ ধৰি এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মুম্বাই টাটা মেমৰিয়েল হাস্পতাল আৰু গুৱাহাটীৰ বি. বৰুৱা কেন্সাৰ হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছিল তেওঁ।
উল্লেখ্য যে, ১১ জুনত মৃত্যুক সাৱতি লোৱা গোহাঞি নিজৰ কৰণীয় কাম-কাজত অত্যন্ত দৃঢ়মনা আছিল ৷ তেখেতৰ পিতৃ পুৰণিগুদাম বিৰিঞ্চি বৰুৱা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ পদ্মকান্ত ফুকন আৰু মাতৃ ৰুণিমা ফুকন।
স্থানীয় অঞ্চলত মহিলাসকলৰ ধর্মীয় কাম- কাজতো অত্যন্ত আগৰণুৱা আছিল তেওঁ। ইহসংসাৰত বৰ্তমান তেওঁৰ স্বামী, দুই পুত্র সন্তান, বোৱাৰী এগৰাকী নাতি, দেওৰ -ননদ কেইবাজনো ভাতিজা-ভতিজী জোঁৱাই , নাতি- নাতিকে ধৰি এখন ভৰা সংসাৰ এৰি থৈ গৈছে।