সাৱধান ! পুনৰ ধৰা পৰিল মাংকীপক্সত আক্ৰান্ত ব্যক্তি, এইবাৰ কেৰালা নহয় আন ৰাজ্যলৈও বিয়পিল এই ৰোগ…

সাৱধান ! পুনৰ ধৰা পৰিল মাংকীপক্সত আক্ৰান্ত ব্যক্তি, এইবাৰ কেৰালা নহয় আন  ৰাজ্যলৈও বিয়পিল এই ৰোগ…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ধৰা পৰিছে প্ৰথমজন মাংকীপক্সত আক্ৰান্ত ৰোগী। চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ মতে দিল্লীত এজন ৩১ বছৰীয়া যুৱকৰ দেহত ধৰা পৰিছে মাংকীপক্স। যুৱকজনক বৰ্তমান মৌলানা আজাদ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আশ্চৰ্যজনক কথাটো হ'ল এই যুৱকজনে কৰা নাই বিদেশ ভ্ৰমণ।

বৰ্তমানলৈকে সমগ্ৰ দেশজুৰি মুঠ ৪ জন ব্যক্তিৰ দেহত মাংকীপক্সৰ অৱস্থিতি ধৰাা পৰিছে। ইয়াৰ ভিতৰত ৩ জন আক্ৰান্তই কেৰালাৰ। বৰ্তমান দেশত এই ৰোগ চিনাক্ত কৰণৰ বাবে মুঠ ১৬ টা পৰীক্ষাগাৰৰ ব্যৱস্থা আছে। ইয়াৰে ২ টা পৰীক্ষাগাৰ কেৱল কেৰালাৰ বাবে সংৰক্ষিত কৰা হৈছে। মাংকীপক্সকলৈ কেন্দ্ৰীয় চৰকাৰ সতৰ্ক হৈ আছে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি যোৱা মে' মাহত প্ৰতি সপ্তাহত সন্দেহজনক ২/৩ টা নমুনা আহিছিল যদিও এতিয়া এই সংখ্যা প্ৰতি দিনে ২/৩ টালৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে শুকুৰবাৰে কেৰালাত তৃতীয়টো মাংকীপক্সৰ ঘটনা পোহৰলৈ আহিছিল। জুলাইৰ আৰম্ভণিতে ইউ এ ইৰ পৰা উভতি অহা এজন ৩৫ বছৰীয়া ব্যক্তিৰ দেহত মাংকীপক্স সংক্ৰমণ হোৱাটো নিশ্চিত কৰা হৈছিল। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এই সন্দৰ্ভত কৈছে যে- মালাপ্পুৰমৰ বাসিন্দা যুৱকজন ৬ জুলাইত নিজৰ ৰাজ্যলৈ উভতি আহিছিল আৰু ১৩ জুলাইৰ পৰা জ্বৰত ভুগিছিল। যুৱকজন তিৰুৱন্তপুৰমৰ মঞ্জেৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

ইয়াৰ আগতে, কেৰালাৰ কান্নুৰ জিলাত ভাৰতৰ মাংকীপক্সৰ দ্বিতীয় টো ঘটনা সংঘটিত হৈছিল। ১৩ জুলাইত ডুবাইৰ পৰা কান্নুৰলৈ উভতি অহা এজন ব্যক্তিৰ দেহত এইৰোগ সংক্ৰমণ নিশ্চিত হৈছিল। তেওঁ তিৰুৱন্তপুৰমৰ পৰিয়াৰাম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। একে সময়তে, ভাৰতৰ মাংকীপক্সত আক্ৰান্ত প্ৰথমজন ব্যক্তিও কেৰালাত চিনাক্ত কৰাা হৈছিল। ১২ জুলাইত ইউ এ ইৰ পৰা কোল্লামত উপস্থিত হোৱা লোকজনৰ দেহত সংক্ৰমণৰ লক্ষণ দেখা পোৱা গৈছিল। তেওঁ তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in