আদানী গ্ৰুপক আৱণ্টন দিয়া ভূমি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটা আদি অঞ্চলৰ প্ৰায় ৩ হাজাৰ ৫০০ বিঘা ভূমি আৱন্টন দিছে আদানী গ্ৰুপক। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী প্ৰশান্ত ফুকন।

author-image
Asomiya Pratidin
New Update
আদানী গ্ৰুপক আৱণ্টন দিয়া ভূমি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

আদানী গ্ৰুপক আৱণ্টন দিয়া ভূমি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, পৰ্বতঝোৰাৰঃ বৃহস্পতিবাৰে বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাত তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। হেলিকপ্টাৰ যোগে শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদানি গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ নামত দিয়া ভূমি পৰ্যবেক্ষণ কৰিবলৈ ৰাওনা হয়। 

Advertisment

উল্লেখযোগ্য যে, চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটা আদি অঞ্চলৰ প্ৰায় ৩ হাজাৰ ৫০০ বিঘা ভূমি আৱন্টন দিছে আদানী গ্ৰুপক। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী প্ৰশান্ত ফুকন।  ২০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় মাটি ইতিমধ্যে পৰ্যবেক্ষণ কৰি গৈছে গৌতম আদানীৰ পুত্ৰ জিৎ আদানীসহ আদানী গ্রুপৰ ১৩ জনীয়া এটা দলে। 

২২ এপ্ৰিলৰ দিনা আদানী গ্ৰুপে মাটি ডোখৰ পৰ্যবেক্ষণ কৰাৰ পিছত আজি প্ৰস্তাৱিত মাটি পৰ্যবেক্ষণ কৰিবৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। ভূমি পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে যে, ২০ হাজাৰ কোটি টকাৰে স্থাপন হ'বলগীয়া তাপবিদ্যুৎ প্ৰকল্পটো শান্তিপূৰ্ণভাৱে স্থাপন হ'ব।  টিলাপাৰাৰ ঐতিহাসিক কৱৰস্থানক উচ্ছেদ অভিযান পৰা ৰেহাই দিয়া হ'ব। ভূমিপট্টা থকা সকলক কোনো ধৰণৰ সংকিত হ'ব নালাগে বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।  

সমান্তৰালভাৱে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিআৰ নিৰ্বাচনত অকলেই খেলিব বিজেপিয়ে। ইফালে, প্ৰাক্তন সাংসদ আব্দুল খালেকৰ মন্তব্যকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ-  "হিন্দু হিন্দু কৰি কোনো লাভ নাই। ১০০ শতাংশ মুছলমান থকা স্থানতো ৮টা  জিলা পৰিষদ দখল কৰিছে বিজেপিয়ে। বিজেপিৰ এতিয়া যি দেখিছে, এয়া কেৱল আৰম্ভণিহে। ২৬ৰ বিধানসভা নিৰ্বাচনততো ছুনামি হৈ যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।" 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা বিলাসীপাৰা