/asomiyapratidin/media/media_files/2024/11/18/gPOjHL5pzJijaNXCc5rc.jpg)
ডিজিটেল সংবাদ, চিৰাং : কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ স্বাস্থ্যৰ উপকাৰী হোৱাকৈ বিশুদ্ধ পানী যোগানৰ লক্ষ্যৰে ৰূপায়ণ কৰিছে জল জীৱন আঁচনি। এই আঁচনিৰ সঠিক ৰূপায়ণ আৰু জনসাধাৰণে বিশুদ্ধ পানী যোগান পাইছে নে নাই তাক নিৰীক্ষণ কৰাৰ লক্ষ্যৰে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ এটি দলে চিৰাং জিলা পৰিভ্ৰমণ কৰে ৷
চিৰাং জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোকৰাঝাৰ সংমণ্ডল (দুই)ৰ অধীনৰ ৰূপায়ণ হোৱা ৬ খন জল জীৱন আঁচনি পৰ্যবেক্ষণৰ বাবে মাদ্ৰাজ আই আই টিৰ দুজনীয়া কাৰিকৰী নিৰীক্ষকৰ দলে জিলাখনৰ কেবাখনো আঁচনি পৰ্যবেক্ষণ কৰে ৷ নিৰীক্ষক দুগৰাকী হৈছে শ্ৰীধৰ আৰু শ্বেখ আব্দুলা জাহান ৷
তেওঁলোকে গঞা ৰাইজৰ সতে মত বিনিময় কৰাৰ লগতে জলজীৱন মিছনৰ আঁচনিৰ জৰিয়তে জনসাধাৰণ কেনেদৰে উপকৃত হৈছে তাক পৰ্যবেক্ষণ কৰে ৷ চিৰাং জিলাৰ মংলাগাঁও প্ৰথম আৰু দ্বিতীয়, উত্তৰ নিলীবাৰী পানী যোগান আঁচনি পৰিদৰ্শন কালত দলটিৰ ভ্ৰমণৰ সময়ত সংগ দিয়ে চিৰাং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোকৰাঝাৰ সংমণ্ডল-২ ৰ কাৰ্যবাহী অভিযন্তা ছাবিৰ আহমেদে।
আহমেদে প্ৰকাশ কৰা মতে, চিৰাং জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জলজীৱন মিছনৰ মুঠ ৫১৩ খন আঁচনি ৰূপায়ণ হৈ আছে ৷ সম্প্ৰতি কাৰিকৰী নিৰীক্ষকৰ দলে পৰ্যবেক্ষণ কৰি থকা বাবে আঁচনিসমূহৰ কাম বন্ধ আছে ৷ সম্পূৰ্ণ হোৱা আঁচনিসমূহ নিৰ্মাণকাৰীসকলে হস্তান্তৰ কৰিছে আৰু যি সমূহ সম্পুৰ্ণ হোৱা নাই সেই সমূহ আঁচনি অতি সোনকালে বিভাগক চমজাই দিয়াৰ বাবে প্ৰচেষ্টা চলিছে সদৰী কৰে ৷