মণিপুৰত নিৰীহ যুৱকক গুলীয়াই হত্যা কৰি ১০ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে আছাম ৰাইফলছে…

মণিপুৰত নিৰীহ যুৱকক গুলীয়াই হত্যা কৰি ১০ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে আছাম ৰাইফলছে…যোৱা ৪ জুনৰ নিশা মণিপুৰৰ কাঙপকপী জিলাৰ চালৱাৰ

author-image
asomiyapratidin
New Update
মণিপুৰত নিৰীহ যুৱকক গুলীয়াই হত্যা কৰি ১০ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে আছাম ৰাইফলছে…

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ কাঙপকপী জিলাৰ চালৱাৰ গাঁৱৰ এগৰাকী নিৰীহ গঞাক গুলীয়াই হত্যা কৰি অৱশেষত ১০ লাখ টকাৰ ক্ষতিপূৰণ ভৰিব লগা হৈছে আছাম ৰাইফলছে । দেওবাৰে সেনাৰ ব্ৰিগডিয়াৰ মি: অৰোৰা , ২২নং আছাম ৰাইফলছৰ চেক্টৰ কামাণ্ডাৰ, মণিপুৰ আৰক্ষী এডিজিপি আৰু কুকি ইংপী সংগঠনৰ মাজত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষীক বৈঠকত ভুক্তভোগী পৰিয়ালক দহ লাখ টকাৰ ক্ষতিপূৰণ , বৰ্তমান নগদ ১ লাখ টকা প্ৰদান কৰা, দিল্লীৰ অনুমোদন পিছত শীঘ্ৰে বাংলাবুঙৰ পৰা সেনা চকী হস্তান্তৰন কৰা , ঘটনাৰ তদন্তৰ দায়িত্ব মণিপুৰ আৰক্ষীৰ হাতত দিয়া আৰু বাংলাবুঙৰ গাঁৱত ৪০ জনীয়া আৰক্ষীৰ এখন শক্তিশালী থানা স্থাপন কৰা সিদ্ধান্ত গ্ৰহণেৰে দুদিন ধৰি চলি থকা প্ৰতিবাদৰ অন্ত পৰে ।

Advertisment

উল্লেখযোগ্য যোৱা ৪জুনৰ নিশা বাংলাবুঙ আছাম ৰাইফলছৰ মেজৰ অলক শেঠ আৰু তেওঁৰ অন্য চাৰিজন জোৱানে চালৱাৰ গাঁৱত অসামৰিক পোছাক অভিযান চলাই এগৰাকী নিৰীহলোকক গুলীয়াই হত্যা কৰিছিল । আছাম ৰাইফলছৰ এই ঘটনাৰ পিছতে মণিপুৰৰ কুকি জনগোষ্ঠীৰ কাঙপকপী জিলাত উত্তেজনা বিয়পি পৰে। সহস্ৰাধিক গাঁওবাসীয়ে আছাম ৰাইফলছ চকীত আক্ৰমণ কৰি সেনাৰ দুখন বাহন জ্বলাই দিয়ে ।

ক্লিক কৰি পঢ়কঃ ভেকচিনেও ভেটিব পৰা নাই কোৰোনাক,সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য…

প্ৰতিবাদী জনতাই ঘটনা অভিযুক্ত মেজৰ অলক শেঠক গ্ৰেপ্তাৰ নকৰালৈকে মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰে । ইফালে ঘটনাই অধিক হিংসাত্মক ৰূপ লোৱা শংকা কৰি কাঙপকপী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে মেজৰ গৰাকীৰ গ্ৰেপ্তাৰ কৰি থানালৈ যায় । বিষয়টো মীমাংসাৰ বাবে লগে লগে সেনাৰ ফালৰ পৰা মণিপুৰ আৰক্ষীৰ প্ৰশাসন আৰু কুকি ইংপী সংগঠনৰ লগত দেওবাৰে এনেদৰে আলোচনা মিলিত হয় । ইফালে শনিবাৰে বিয়পি পৰা হিংসাত্মক ঘটনা, সেনা চকী আক্ৰমন আৰু এগৰাকী নিৰীহক আছাম ৰাইফলছে গুলীওৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে সেনা কাৰ্যালয়ে ।