মংগোলীয়াৰ ৰাষ্ট্রপতিৰ প্ৰথম ভাৰত ভ্ৰমণঃ কেইবাখনো চুক্তি স্বাক্ষৰৰ সম্ভাৱনা...

মংগোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু সাংস্কৃতিক প্রতিনিধিৰ এটা উচ্চ পর্যায়ৰ দলো ভাৰতলৈ আহিছে। ৰাষ্ট্রপতি খুৰেলসুখ উখনাৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ।

New Update
1

ডিজিটেল ডেস্কঃ   চাৰিদিনীয়া ভ্রমণসূচীৰেনতুন দিল্লীত উপস্থিত হৈছে মংগোলীয়াৰ ৰাষ্ট্রপতি খুৰেলসুখ উখনা। আজি প্রধানমন্ত্রী নৰেন্দ্র মোডীক সাক্ষাৎ কৰিব মংগোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাই। এই বৈঠকত উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে পর্যালোচনা কৰিব।আলোচনাৰ অন্তত দুয়োগৰাকী নেতাৰ মাজত বিভিন্ন খণ্ডত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

তাৰোপৰি আজি সন্ধিয়া ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি দ্রৌপদী মুর্মূকো সাক্ষাৎ কৰিব মংগোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ ৰাজ্য মন্ত্রী মূৰলীধৰ মোহলে মংগোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত আদৰণি জনায়।

মংগোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু সাংস্কৃতিক প্রতিনিধিৰ এটা উচ্চ পর্যায়ৰ দলো ভাৰতলৈ আহিছে। ৰাষ্ট্রপতি খুৰেলসুখ উখনাৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ।

উল্লেখ কৰা প্ৰয়োজন যে ভাৰত আৰু মংগোলীয়াৰ মাজত ১৯৫৫ চনতেই কূটনৈতিক সম্পর্ক স্থাপন হৈছিল। বিগত ৭টা দশকত দুয়োখন দেশৰ মাজত বহুমুখী অংশীদাৰিত্ব বৃদ্ধি পাইছে। এই সময়ছোৱাত প্রতিৰক্ষা আৰু সুৰক্ষা, খনি, তথ্য প্রযুক্তি, শিক্ষা, স্বাস্থ্য যতন আৰু সাংস্কৃতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্রত উভয় দেশৰ মাজৰ অংশীদাৰিত্বৰ সম্প্ৰসাৰণ ঘটিছে।

নৰেন্দ্ৰ মোডী