ডিজিটেল় ডেস্কঃ কি হৈছিল ড০ মনমোহন সিঙৰ? শেহতীয়াকৈ চিকিৎসকে সদৰি কৰিছে এই তথ্য। এইমছ কৰ্তৃপক্ষ তথা চিকিৎসকে সদৰি কৰা তথ্য অনুসৰি, মৃত্যু হোৱা দিনটোত (বৃহস্পতিবাৰে) ঘৰতে বেহুচ হৈছিল ড০ সিং। তাৰ পাছতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ সংকটজনক অৱস্থাত তেওঁক চিকিতসালয়ত ভৰ্তি কৰিছিল।
বৃহস্পতিবাৰে নিশা ৮.০৬বজাত তেওঁক এইমছলৈ অনা হৈছিল আৰু ৯.৫১মিনিটত তেওঁৰ দেহাৱসান ঘটিছিল। চিকিৎসকে সদৰি কৰা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ভাগত হঠাতে চেতনা হেৰুৱাইছিল ড০ সিঙে। তাৰ পাছতে পৰিয়ালৰ লোকে প্ৰাথমিক চিকিতসা প্ৰদান কৰিছিল যদিও চেতনা ঘূৰি নহাত এইমছৰ জৰুৰীকালীন শাখাত ভৰ্তি কৰে।
শেহতীয়াকৈ এইমছে ৰাজহুৱা কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে প্ৰমুখ্য কৰি আন আন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা ৱাদ্ৰা গান্ধী, কে চি বেণুগোপাল, গুলাম নবী আজাদ তথা আন আন নেতা- কৰ্মীসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ড০ সিঙৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। ই অতিকৈ বেদনাদায়কৰ লগতে কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰে বেণুগোপালে। আনহাতে ৰাহুল গান্ধীয়ে অভিভাৱক আৰু দিকদৰ্শক হেৰুওৱা বুলি মন্তব্য কৰে। ছোনিয়া গান্ধীয়েও কংগ্ৰেছ পৰিয়ালৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। ইয়াৰ উপৰি দলৰ আন আন নেতাসকলেও গভীৰ শোক প্ৰকাশ কৰে।
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক ঘোষণা ৰাজহুৱা কৰিছে। চৰকাৰী ঘোষণা অনুসৰি ২৬ ডিচেম্বৰৰ পৰা ২০২৫ৰ ১ জানুৱাৰীলৈকে পালন কৰিব ৰাষ্ট্ৰীয় শোক দিৱস। লগতে এই কেইটা দিনত দেশত কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰে। পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচীসমূহো বাতিল কৰা বুলি ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে।
কেৱল ইমানেই নহয়, কংগ্ৰেছেও বাতিল কৰিছে দলীয় কাৰ্যসূচী। ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বাতিল কৰা বুলি সাধাৰণ সম্পাদক কে চি বেণুগোপালে জানিবলৈ দিয়ে। দলটোৱে আগন্তুক ৭দিনৰ বাবে কোনো কাৰ্যসূচী পালনৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰে।