/asomiyapratidin/media/media_files/2025/05/07/vujoKXimhV5fg8VPtXO0.jpg)
ভাৰতত চলিছে মকড্ৰিল : পাকিস্তান চৰকাৰে সেনাক দিলে প্ৰত্যাক্ৰমণৰ নিৰ্দেশ
ডিজিটেল ডেস্ক : দেশজুৰি মকড্ৰিল চলি থকাৰ মাজতে আহি পৰিছে আন এক ডাঙৰ খবৰ। পাকিস্তান চৰকাৰে দেশখনৰ সেনা বাহিনীক ভাৰতক প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছে । মঙলবাৰে মাজনিশা ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা মিশ্বাইল আক্ৰমণৰ পাছতে এই কথা ৰাজহুৱা কৰিছে পাক চৰকাৰে।
ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাকিস্তানে ইতিমধ্যে সকলো দিশৰ পৰা সাজু হৈ উঠিছে। সাজু কৰি ৰাখিছে মিশ্বাইল। পাকিস্তান চৰকাৰে ইতিমধ্যে দেশৰ সেনা বাহিনীক ভাৰতৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, পেহেলগামৰ নৰসংহাৰৰ পাছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সিন্ধু জল চুক্তি বাতিলকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে বৈৰী দেশখনৰ বিৰুদ্ধে।
তাৰোপৰি দেশৰ চৰকাৰী পক্ষই যি কোনো মূহুৰ্ততে হ’ব পৰা যুদ্ধৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি আৰম্ভ কৰিছে মকড্ৰিলৰ। ৭মে’ৰ বিয়লি ৪-০০ বজাৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ আখৰাত সাধাৰণ নাগৰিককো চামিল কৰা হৈছে। কিয়নো জনসাধাৰণৰ নিৰাপত্তা আৰু সা- সম্পত্তিৰ হানি- বিঘিনি যাতে নঘটে, তাৰ বাবে ভাৰত চৰকাৰে দেশজুৰি যুদ্ধৰ আখৰা আৰম্ভ কৰিছে।