/asomiyapratidin/media/media_files/2025/04/27/9yLzvSS5cvx3z1vKXtsh.png)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ জিলা মইনা পাৰিজাতৰ দ্বি- বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে দৰং জিলা সাহিত্য সভাৰ মঙলদৈস্থিত সাহিত্য প্ৰকল্পত অনুষ্ঠিত হয় । জিলা মইনা পাৰিজাতৰ সভাপতি পংকজ কুমাৰ শৰ্মাৰ সভাপতিত্বত দিনৰ ৩ বজাত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰবীণ বৰুৱাই।
এই সভাত বিগত বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ পিছত পুৰণি সমিতিয়ে পদত্যাগ কৰে। ইয়াৰ পিছতে সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক ৰাণা আলমৰ উপস্থিতিত আগন্তুক দ্বি-বৰ্ষৰ বাবে সদৌ অসম মইনা পাৰিজাতৰ আজীৱন সভ্য, সমাজ সেৱিকা এনি ভূঞা ডেকাক সভাপতি হিচাপে মনোনীত কৰে।
একেদৰে সাহিত্যিক, শিশু কৰ্মী হৰি চন্দ্ৰ শৰ্মা আৰু সাংস্কৃতিক কৰ্মী কুমুদ চন্দ্ৰ দাসক উপ-সভাপতি, সাংস্কৃতিক কৰ্মী তথা সাংবাদিক দ্বীপেন বৰুৱাক সম্পাদক হিচাপে মনোনীত কৰা হয় । সভাত সাংবাদিক তথা মঙলদৈ জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সম্পাদক গণেশ দত্ত, সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন সহকাৰী সম্পাদক সূৰ্য্য কুমাৰ নাথ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা মঙলদৈ জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি ডাঃ মৃণ্ময় কুমাৰ নাথ, বিশিষ্ট শিশু কৰ্মী কাৰ্তিক দত্ত, মঙলদৈ জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সম্পাদক বিষ্ণুৰাম ডেকা, সাংস্কৃতিক কৰ্মী কুমুদ ডেকাই বক্তব্য প্ৰদান কৰে।
সভাত দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়। সভাত আগন্তুক জিলা শিশু সমাৰোহ চপাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।