Advertisment

সৰস্বতী বাগধ্বনিৰ অধ্যক্ষা দুলুমণি কলিতালৈ মোহিনী গগৈ সোঁৱৰণি ‘নাৰী কৰ্ম প্ৰেৰণা বঁটা…

অসম লেখিকা সমাজে প্রতি বছৰে এগৰাকী কর্ম উদ্যোগী নাৰীক মোহিনী গগৈ সোঁৱৰণি 'নাৰী কৰ্ম প্ৰেৰণা বঁটা প্ৰদান কৰি আহিছে। এইবাৰ গুৱাহাটীস্থিত সৰস্বতী বাগধধ্বনি শিক্ষা প্রতিষ্ঠানৰ অধ্যক্ষা দুলুমনি কলিতালৈ এই সন্মান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
সৰস্বতী বাগধ্বনিৰ অধ্যক্ষা দুলুমণি কলিতালৈ মোহিনী গগৈ সোঁৱৰণি ‘নাৰী কৰ্ম প্ৰেৰণা বঁ

সৰস্বতী বাগধ্বনিৰ অধ্যক্ষা দুলুমণি কলিতালৈ মোহিনী গগৈ সোঁৱৰণি ‘নাৰী কৰ্ম প্ৰেৰণা বঁ

ডিজিটেল ডেস্ক : অসম লেখিকা সমাজে প্রতি বছৰে এগৰাকী কর্ম উদ্যোগী নাৰীক মোহিনী গগৈ সোঁৱৰণি 'নাৰী কৰ্ম প্ৰেৰণা বঁটা প্ৰদান কৰি আহিছে। এইবাৰ গুৱাহাটীস্থিত সৰস্বতী বাগধধ্বনি শিক্ষা প্রতিষ্ঠানৰ অধ্যক্ষা দুলুমনি কলিতালৈ এই সন্মান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালীক শিক্ষিত কৰি তুলিবলৈ ত্যাগৰ মনোভাবেৰে বিশিষ্ট অৱদান আগবঢ়াই অহাৰ বাবে এই সম্মান আগবঢ়োৱা হৈছে অধ্যক্ষাগৰাকীলৈ।

Advertisment

উল্লেখযোগ্য যে ৮ মার্চ ২০২৫ত শনিবাৰে অসম লেখিকা সমাজৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাজৰ সহযোগত কেন্দ্রীয়ভাৱে আয়োজন কৰিবলৈ লোৱা আন্তৰ্জাতিক নাৰী দিৱসত দুলুমণি কলিতাক এই সন্মান আগবঢ়াব। এই অনুষ্ঠানটি জয়ন্ত কুমাৰ লখিমী বৰুৱা সদনত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হ’ব।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা মুকলি সভাতে সাংগঠনিক দিশত বিশিষ্ট অৱদান আগবঢ়োরা বিষয়ববীয়া আৰু সদস্যসকলক লেখিকা সমাজ ৰত্ন, সাংগঠনিক পাৰদর্শিতা বঁটা, পাৰদর্শী অনুপ্ৰেৰণা বঁটা আৰু সভাপতিৰ বিশেষ অনুপ্ৰেৰণা বঁটাৰে সন্মানিত কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। 

এইবাৰ লেখিকা সমাজ ৰত্ন বঁটা কুইন হাজৰিকা আৰু পাপৰি কলিতালৈ আগবঢ়োরা হ’ব। অৰূপা বেথেল ৰুণুমী ডেকা, বিষ্ণু দাস, জ্যোতি মালাকৰ কাকতি, ময়ুৰী বৰুৱা ডেকা, দুলুমনি শর্মা, চুনুমা বৈশা আৰু প্রতিভা দস্তিদাৰলৈ সাংগঠনিক পাৰদর্শিতা বঁটা আগবঢ়োৱা হ’ব। ইয়াৰ লগতে দহ গৰাকী লেখিকালৈ পাৰদর্শী অনুপ্রেৰণা বঁটা আৰু ১৩গৰাকীলৈ সভাপতিৰ বিশেষ অনুপ্ৰেৰণা বঁটা আগবঢ়োৱা হ’ব বুলি উদ্যোক্তাই জনায়।

তদুপৰি এই সভাত আমট্রনৰ বিষয়া দিনমণি ভাণ্ডাৰ পুৰকায়স্থই আগবঢ়োৱা ন্যাসেৰে অনন্ত দেৱ শৰ্মাৰ স্মৃতিত এটা শিশু সাহিত্যিকৰ বঁটা প্ৰচলনৰ সিদ্ধান্ত লয়। অহা নবেম্বৰত গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া চতুর্থ বছেৰেকীয়া অধিবেশনৰ মুকলি সভাত পোন প্ৰথমবাৰৰ বাবে এগৰাকী শিশু সাহিত্যিকক এই বঁটা প্রদান কৰা হ’ব। 

শনিবাৰে অনুষ্ঠিত এই সভাত নতুন প্রজন্মৰ লেখিকাসকলেৰে গঠিত সখিয়তীৰ ৰাজ্যিক উপ-সমিতিখন নীলাঞ্জনা পাচনিক মুখ্য আহবায়ক আৰু লাকী শইকীয়াক আহ্বায়ক হিচাপে ৰাখি গঠন কৰি দিয়া হয়। আনহাতে অনতিপলমে প্রকাশ পাবলগীয়া অসমৰ নাৰী জীৱনী মালাৰ প্রথম খণ্ডৰ সম্পাদনা সমিতি আৰু দ্বিভাষিক কাব্য গ্রন্থ লোহিত-কুশীৰ সম্পাদনা সমিতি দুখনো গঠন কৰি দিয়া হয়।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে শনিবাৰে সন্ধিয়া গুগুল মীটযোগে অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত পদুমী গগৈয়ে পৌৰহিত্য কৰি নাৰী দিৱস উদযাপন আৰু বিভিন্ন শিতানত প্ৰদান কৰিব লগা সন্মান সন্দৰ্ভত কেতবোৰ আলোচনা কৰি উক্ত সিদ্ধান্তসমূহৰ বিষয়ে  জানিবলৈ দিয়ে।

আন্তৰ্জাতিক নাৰী দিৱস