/asomiyapratidin/media/media_files/2025/07/11/web-ap-modi-shah-2025-07-11-11-28-44.jpg)
ডিজিটেল ডেস্কঃ অৱসৰৰ দিন চমু চাপি আহিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ? বৃহস্পতিবাৰে নাগপুৰত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ এক মন্তব্যই প্ৰধানমন্ত্ৰী মোডীৰ অৱসৰৰ প্ৰসংগক পুনৰ এবাৰ চৰ্চাৰ মাজলৈ লৈ আহিছে।
আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এক ৰাজহুৱা সভাত তেওঁৰ অৱসৰকালীন জীৱনৰ পৰিকল্পনা সন্দৰ্ভত মুকলি মন্তব্য কৰি যেন নিজেই প্ৰদান কৰিলে অৱসৰৰ ইংগিত। বৃহস্পতিবাৰে নাগপুৰত আৰ এছ এছৰ মুৰব্বী মোহন ভগৱতে কয়, "৭৫ বছৰ বয়সত যেতিয়া কোনোবাই সম্বৰ্ধনা জনাবলৈ আহে, তেতিয়া আপুনি বুজিব লাগে যে অৱসৰৰ সময় আহি পৰিছে।"
মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে এতিয়া মোডীৰ অৱসৰৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। কিয়নো চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৭৫ বছৰ সম্পূৰ্ণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সেই একে মাহতে মোহন ভাগৱতেও ৭৫ বছৰ সম্পূৰ্ণ কৰিব। সংঘৰ মুৰব্বীগৰাকীৰ এনে মুকলি মন্তব্যক বহুতেই নৰেন্দ্ৰ মোডীলৈ বাৰ্তা বুলি গণ্য কৰিছে।
সংঘৰ নিয়ম অনুসৰি মোহন ভাগৱতে কাৰ্যভাৰ ত্যাগ কৰিব লাগিব। সেয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে মোডীকো অৱসৰৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।
অৱশ্যে বিজেপিত ৭৫ বছৰ হলে অৱসৰ লব লাগিব বুলি কোনো ধৰা-বন্ধা নিয়ম নাই। কিন্তু আজিৰ এইসকল নেতাই এসময়ত লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, উমা ভাৰতী আদিৰ দৰে নেতাক নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰাই ‘মাৰ্গ দৰ্শন মণ্ডলী’লৈ প্ৰেৰণ কৰিছিল। আঁতৰাই দিছিল দলৰ পৰা।
সেয়ে এতিয়া সেই একেই নিয়ম নৰেন্দ্ৰ মোডীয়ে অনুসৰণ কৰিব নে নাই তাক লৈ মাজে মধ্যে চৰ্চা হয়। কিন্তু এইবাৰ আৰ এছ এছৰ মুৰব্বীগৰাকীয়েও সেই একে সুৰতে মুকলিকৈ ৭৫ বছৰত অৱসৰ লোৱাৰ কথা উল্লেখ কৰাৰ লগে লগে মোডীলৈ তেওঁৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা বুলিয়েই ধাৰণা কৰা হৈছে।
ইফালে গৃহমন্ত্ৰী অমিত শ্বাহ বৰ্তমান ৬১ বছৰীয়া। ৭৫ বছৰৰ অংক অনুসৰণ কৰাৰ ক্ষেত্ৰত তেওঁৰ হাতত এতিয়াও যথেষ্ট সময় আছে যদিও অৱশ্যে অমিত শ্বাহৰ শৰীৰেই হয়তো তেওঁক সমৰ্থন নিদিব। পূৰ্বৰ দৰে অমিত শ্বাহৰ দেহত এতিয়া নাই সেই সতেজতা। শ্বাহৰ কথা, চাল, চলন তথা শৰীৰ ভাষাত ক্লান্তি ভাৱ অহৰহ প্ৰত্যক্ষ কৰিছে বহুজনে।
এই কথা তেওঁ নিজেও হয়তো অনুভৱ কৰিছে। সেয়ে এক অনুষ্ঠানত মুকলিকৈয়ে তেওঁ অৱসৰকালীন জীৱনৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে অৱসৰৰ পিছত তেওঁ বেদ, উপনিষদ, প্ৰকৃতিৰ মাজত থাকিব বিচাৰে। অৱশ্যে তেওঁ কেতিয়া অৱসৰ গ্ৰহণ কৰিব সেই বিষয়ে কোনো কথাই উল্লেখ কৰা নাই।
অন্যহাতে মোহন ভগৱতৰ ৭৫ বছৰীয়া ধাৰণা ব্যাখ্যাৰ পিছত বিৰোধী দলসমূহে নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লৈছে। মহাৰাষ্ট্ৰৰ উদ্ধৱ-সেনাৰ নেতা সঞ্জয় ৰাউটে মোডীৰ অৱসৰৰ বিতৰ্ককত সাৰ-পানী দিছে।
পূৰ্বে এইগৰাকী নেতাই আৰ এছ এছ আৰু বিজেপিৰ গাঁথনি আৰু সংবিধান অনুসৰি ৭৫ বছৰ বয়সত অৱসৰৰ নিয়মৰ উল্লেখ কৰিছিল। তেওঁ কয় যে নাগপুৰত মোডী আৰু ভাগৱতৰ মাজত হোৱা ব্যক্তিগত আলোচনাৰ সময়ত সৰসংঘৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীক অৱসৰ ল’বলৈ পৰামৰ্শ দিছিল।
ভাগৱতৰ শেহতীয়া মুকলি মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি দাবী কৰি ৰাউতে কয় যে মোহন ভাগৱতে প্ৰধানমন্ত্ৰী মোডীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে।ৰাউতৰ মতে, "মোডী সেইজন ব্যক্তি যিয়ে লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, যশৱন্ত সিঙৰ দৰে নেতাক ৭৫ বছৰ বয়সত অৱসৰ ল'বলৈ বাধ্য কৰাইছিল। এতিয়া চাওঁ মোদীয়ে নিজৰ ক্ষেত্ৰত সেই নীতি প্ৰয়োগ কৰে নে নাই!"
অৱশ্যে পূৰ্বৰ দৰেই মোডীৰ অৱসৰৰ প্ৰসংগ চৰ্চালৈ অহাৰ লগে লগে তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিছে বিজেপিৰ একাধিক নেতা। যোৱা বছৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্টকৈ উল্লেখ কৰিছিল যে, ৭৫ বছৰ বয়সত অৱসৰ ল’বই লাগিব বুলি বিজেপিৰ সংবিধানত তেনে কোনো আইন নাই।
একেদৰে ৭৫ বছৰ বয়সত মোডীয়ে অৱসৰ লোৱাৰ কোনো সম্ভাৱনা নাই। ২০২৯ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী আৰু ৰাজনীতিত সক্ৰিয় হ’ব।অৱশ্যে ভাগৱতৰ কথাই ইংগিত দিলে যে সংঘই ইয়াৰ বিৰুদ্ধে আপত্তি কৰিব।