/asomiyapratidin/media/media_files/2025/04/26/A3Z0EIn7WdOJPNYyRCwQ.jpg)
DDDDDDDDD Photograph: (DDDDDDDDD)
ডিজিটেল ডেস্কঃ অত্যাচাৰীক উচিত শিক্ষা দিয়াটোৱেই আমাৰ ধৰ্ম। ৰাৱণৰ বধ জগতৰ কল্যাণৰ বাবেই হৈছে। ভগৱানে তেওঁক সংহাৰ কৰিছিল। এয়া হিংসা নহয়, অহিংসা। অত্যাচাৰীক উচিত শিক্ষা দি ধৰ্মৰ সন্ধান দিয়াটোৱো এক প্ৰকাৰৰ অহিংসাই।- পেহেলগামৰ নৰসংহাৰক লৈ শেহতীয়াকৈ এনেদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে।
এই বিষয়ত তেওঁ লগতে কয় যে, আমি কেতিয়াও চুবুৰীয়াৰ অনিষ্ট সাধনৰ কথা চিন্তা নকৰো। কিন্তু ততসত্বেও যদি কোনোৱে ভুল পথ বাচি লয়, তেনেহলে তাক উচিত শিক্ষা দিয়াৰ প্ৰয়োজন আছে। কিয়নো ৰজাই সদাই প্ৰজাৰ ৰক্ষাৰ বাবে কাম কৰিব। আৰু মই বিশ্বাস কৰো ৰজাই কেতিয়াও কৰ্তব্যৰ পৰা বিচলিত নহয়।
ভাৰত-পাকিস্তানৰ এই সময়ক ধৰ্ম আৰু অধৰ্মৰ সৈতে তুলনা কৰি মোহন ভাগৱতে কয় যে, এয়া ধৰ্ম আৰু অধৰ্মৰ যুঁজ। ধৰ্মৰ সুধি সুধি হত্যা কৰা এই সময় বৰ দুসময়। হিংসা আৰু শত্ৰুতা হিন্দু সংস্কৃতিত নাই। কিন্তু এনে অধৰ্মক মনে মনে সহ্য কৰি বহি থকাৰ নজিৰো আমাৰ সংস্কৃতিত নাই। আমি এতিয়া প্ৰচণ্ড খঙত আছো, বুকুত আছে অজস্ৰ যান্ত্ৰণা। বেয়াক শেষ কৰিবলৈ আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিবই লাগিব।