ডিজিটেল ডেস্ক : সদ্যসমাপ্ত ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিৰ্লজ্জ আত্মসমৰ্পণৰ পাছত ভুলৰ শুধৰণি কৰাত মনোনিৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। ঘৰৰ মাটিত অনুষ্ঠিত হ’ব লগা আসন্ন ভাৰত- ইংলেণ্ড শৃংখলাৰ পৰাই ভুলৰ শিক্ষা ল’ব টীম ইণ্ডিয়াই।
দল গঠনতো দিব অধিক গুৰুত্ব। বিগত টেষ্ট শৃংখলা খেলা ভালেকেইগৰাকী খেলুৱৈক দিব বিশ্ৰাম। দুৰ্দান্ত ফৰ্মত থকা জ্যেষ্ঠ ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহকো বিশ্ৰাম দিয়াৰ চিন্তা কৰিছে ব’ৰ্ডে। যদি এনে হয় তেন্তে, ভাগ্যৰ দুৱাৰ খোল খাব পাৰে অভিজ্ঞ খেলুৱৈ মহম্মদ ছামীৰ।
কিয়নো ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে ছামীয়ে। দীৰ্ঘদিনৰ পাছত ছামীয়ে জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিলেও আচৰিত হ’ব লগা একো নাই। হয়তো ভাৰত- ইংলেণ্ডৰ মাজত হ’ব লগা বগা বলৰ শৃংখলাতেই প্ৰত্যাৱৰ্তন ঘটিব পাৰে ছামীৰ। চেম্পিয়নছ ট্ৰফীতো ছামীক মূল একাদশত ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিব এদিনীয়া আৰু টি-২০ শৃংখলা। এই দুয়োটা শৃংখলাতে প্ৰতিপক্ষক পৰাস্ত কৰাই এতিয়া মূল লক্ষ্য টীম ইণ্ডিয়াৰ।