Advertisment

ন্যায়ালয়ৰ বাধা স্বত্ত্বেও পহিলা মাঘত শিৱসাগৰত ম'হ যুঁজ...

এফালে ন্যায়ালয়ৰ বাধা, আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজ। পৰম্পৰা ৰক্ষা কৰি ন্যায়ালয়ৰ বাধা নেওচি অনুষ্ঠিত হ'ল ম'হ যুঁজ।ৰংঘৰৰ বাকৰিত পহিলা মাঘৰ দিনাই অনুষ্ঠিত হল এই মহ যুঁজ। 

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক ৰংঘৰ বাকৰিত ম’হ যুঁজ সম্পন্ন

ঐতিহাসিক ৰংঘৰ বাকৰিত ম’হ যুঁজ সম্পন্ন Photograph: (ঐতিহাসিক ৰংঘৰ বাকৰিত ম’হ যুঁজ সম্পন্ন)

ডিজিটেল ডেস্কঃ  এফালে ন্যায়ালয়ৰ বাধা, আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজপৰম্পৰা ৰক্ষা কৰি ন্যায়ালয়ৰ বাধা নেওচি অনুষ্ঠিত হ'ল ম'হ যুঁজ। ৰংঘৰৰ বাকৰিত পহিলা মাঘৰ দিনাই অনুষ্ঠিত হল এই মহ যুঁজ। 

Advertisment

আহোমৰ দিনৰে পৰাই মাঘৰ বিহুৰ এক সুকীয়া মৰ্যাদা আছে। আহোম স্বৰ্গদেউসকলে নিজৰ পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰিছিল।  ৰংঘৰৰ বাকৰিত বিভিন্ন খেল- ধেমালিৰ আয়োজন কৰিছিল।  আহোম ৰজাই ৰঙ-ৰহইচ উপভোগ কৰিবৰ বাবেই ৰংঘৰ নিৰ্মাণ কৰাইছিল। উল্লেখ্য যে, এছিয়াৰ ভিতৰতে প্ৰথমটো পেভিলিয়ন আছিল ৰংঘৰ।

আহোম ৰজাৰ দিনৰে পৰাই অসমত মাঘ বিহুত প্ৰচলিত হৈ অহা ম'হ যুঁজৰো আছে চহকী পৰম্পৰা।পিছে এই ম'হ যুঁজক লৈ আহিল ন্যায়ালয়ৰ বাধা। কিন্তু যোৱাটো বৰ্ষত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত অনুষ্ঠিত হৈছিল মহযুঁজৰ লগতে বুলবুলি চৰাইৰ যুঁজ। 

পৰম্পৰা ৰক্ষা কৰি ন্যায়ালয়ৰ বাধা আওকাণ কৰি মৰিগাঁও আহঁতগুৰি আৰু বৈদ্যবৰি অনুষ্ঠিত হল মহ যুঁজ। মহ যুঁজ পৰিচালনা সমিতি নোহোৱাকৈ অনানুষ্ঠানিক ভাৱে একাংশ মহযুঁজ প্ৰেমী ৰাইজৰ উপস্থিতিত গোৱাল সকলে পাতিলে মহৰ যুঁজ। যুঁজ পাতিবলৈ শতাধিক মহ লৈ আহঁতগুৰি আৰু বৈদ্যাবৰিত উপস্থিত হল মহৰ গোঁৱাল।

মহ যুঁজ উপভোগ কৰি উৎফুল্লিত অগণন লোকে।ন্যায়লয়ৰ বাধা নেউচি মৰিগাঁৱৰ বৈদ্যবড়ীতো অনুষ্ঠিত হল ম'হ যুঁজ। ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি কমিটী অবিহনে বৈদ্যবড়ি বাকৰিত এইবাৰ ম'হ যুঁজ খন চলিল। 

'হৰ গোৱাল স্হানীয় ৰাইজে পাতিছে ম'হ যুঁজ খনত মৰিগাঁৱৰ বিভিন্ন অঞ্চল  পৰা অনা হল গোনা ম'হ। ইফালে ঐতিহাসিক ৰংঘৰৰ বাকৰিতো ৰক্ষা কৰিলে আহোম স্বৰ্গদেউৰ দিনৰ পৰা চলি অহা ম'হ যুঁজৰ পৰম্পৰা।  

যুগ যুগ ধৰি অসমত প্ৰচলিত হৈ অহা এই পৰম্পৰাগত খেলসমূহ আমাৰ চহকী সংস্কৃতিৰ এক এৰাব নোৱাৰা অংশঅসমীয়া জাতিৰ ইতিহাসৰ সৈতে এইবোৰৰ আছে এৰাব নোৱাৰা সম্পৰ্ক। এই খেল-ধেমালিসমূহ সংৰক্ষণ কৰিব পৰাটো জাতিৰ বাবেই যে এক যোগাত্মক খবৰ সেয়া নিশ্চিত

মাঘ বিহু