/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/PM-MODI-uruka-AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল ডেস্ক: "মুছলমান ভগ্নী সকলেও বিজেপিক ভোট দিবলৈ ওলাই আহিছে"- উত্তৰ প্ৰদেশত নিৰ্বাচনী ৰেলী সম্বোধন কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
সোমবাৰে উত্তৰ প্ৰদেশত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।এই সময়চোৱাত অন্য বিধানসভা সমষ্টিত চলি আছে নিৰ্বাচনী প্ৰচাৰ।
সোমবাৰে কানপুৰত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোডীয়ে। নিৰ্বাচনী ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে তিনি তালাকৰ প্ৰসংগ উত্থাপন কৰি কয় যে "মুছলিম ভগ্নী সকলে বিজেপিক জয়ী কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে বিজেপিক ভোট দিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিছে"।
ইয়াৰ পিছতেই সমাজবাদী পাৰ্টীক কটাক্ষ কৰি মোডীয়ে কয় যে "ঘোৰ পৰিবাৰবাদী দলটোৱে ২০২২ ত পুনৰ পৰাজয়ৰ সন্মুখীন হব। যিয়ে কেৱল নিজৰ পৰিয়ালৰ কথা চিন্তা কৰে সেই সকলে আনৰ কথা কি চিন্তা কৰিব"।
মোডীয়ে দৃঢ়তাৰে কয় যে উত্তৰ প্ৰদেশত পুনৰ বিজেপিৰ চৰকাৰেই হ'ব। প্ৰতিটো জাতি-জনজাতিৰ লোকেই আগবাঢ়ি আহিছে বিজেপিক ভোট দিবলৈ। কিয়নো বিজেপিয়ে সদায় উন্নতিৰ হ'কে কাম কৰিছে। বিজেপিয়ে মুছলিম নাৰী সকলৰ জীৱন সহজ কৰিবলৈ সদায় যত্ন কৰি আহিছে।
উল্লেখ্য যে, চাৰিটা পৰ্যায়ত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। অন্যহাতে বাকী সমষ্টিত অব্য়াহত আছে নিৰ্বাচনী প্ৰচাৰ।