”প্ৰথমে ভোটদান পিছত জলপান” নিৰ্বাচনক লৈ মোডীৰ মন্তব্য…

”প্ৰথমে ভোটদান পিছত জলপান” নিৰ্বাচনক লৈ মোডীৰ মন্তব্য…

 ডিজিটেল ডেস্ক: "প্ৰথমে ভোটদান পিছত জলপান" টুইটযোগে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।আজি ৰাজ্যখনৰ ১১খন জিলাৰ ৫৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

এই ভোটগ্ৰহণ সন্দৰ্ভতে প্ৰধানমন্ত্ৰীয়ে টুইট  কৰি কয় যে "উত্তৰ প্ৰদেশ বিধনসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।প্ৰতিগৰাকী ভোটাৰকে ক'ভিড নীতি মানি ভোটদান কৰিবলৈ মই আহ্বান জনাইছো। মনত ৰাখিব প্ৰথমে ভোটদান পিছত জলপান"।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে।২৬,০২৭ টা কেন্দ্ৰত চলি থকা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত মূল প্ৰতিদ্বন্দ্বিতা হ'ব অখিলেখ যাদৱ আৰু যোগী আদিত্যনাথৰ দলৰ মাজত।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চামলী, হাপুৰ, গৌতমবুদ্ধ নগৰ,মুজাফ্ফৰনগৰ,মেৰঠ,বাগপট,গাজিয়াবাদ,বুলন্দচহৰ,আলীগড়,মথুৰা আদি জিলাৰ বিধানসভা আসনৰ বাবে অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বিজেপিয়ে ৫৮ খন আসনৰ ৫৩ খন আসনত জয়লাভ কৰিছিল। অন্যহাতে সমাজবাদী আৰু বহুজন সমাজবাদী পাৰ্টীয়ে ২খনকৈ আৰু ৰাষ্ট্ৰীয় লোকদলে এখনকৈ আসন লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in