/asomiyapratidin/media/media_files/2025/02/14/iQKgKg1LORgURVgR1dp6.png)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য, প্ৰযুক্তি আৰু শক্তি সন্দৰ্ভত হোয়াইট হাউছত আলোচনাত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এয়া প্ৰথম আমেৰিকা ভ্ৰমণ।
আলোচনাত বহাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীক উষ্ম আলিংগনেৰে আদৰণি জনায়। ড’নাল্ড ট্রাম্প আৰু প্রধানমন্ত্রী মোডীৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকত বাণিজ্য, প্রতিৰক্ষাকে ধৰি বহুকেইটা বিষয়ত আলোচনা কৰা হয়।
প্রতিৰক্ষাৰ ক্ষেত্রত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে দুয়োখন ৰাষ্ট্রৰ প্রধানে। এই আলোচনাত মুম্বাই আক্রমণৰ মূল অভিযুক্ত তাহাব্বুৰ ৰাণাকলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাহাব্বুৰ ৰাণাক ভাৰতলৈ প্রত্যৰ্পণত সন্মতি প্রকাশ কৰে ড’নাল্ড ট্রাম্পে। ইয়াৰ বাবে ৰাষ্ট্রপতি ট্রাম্পক ধন্যবাদ জনাই প্রধানমন্ত্রী মোডীয়ে।
এই বৈঠক সন্দৰ্ভত মোডীয়ে কয় যে, ভাৰত আৰু আমেৰিকাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫০০ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আমেৰিকাৰ জনসাধাৰণ ট্ৰাম্পৰ মূলমন্ত্ৰ এমএজিএৰ (MAGA) বিষয়ে ভালদৰে অৱগত আনহাতে ভাৰতৰ জনসাধাৰণেও বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে ।
তেওঁ লগতে কয় যে, ভাৰত আৰু আমেৰিকাই ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ তেল আৰু গেছ বাণিজ্য শক্তিশালী কৰিব। ভাৰতক আমেৰিকাই অতি সোনকালে F35 যুদ্ধ বিমান যোগান ধৰিব। ভাৰতৰ প্রধানমন্ত্রীক সৰ্বশ্রেষ্ঠ নিগ’ছিয়েটৰ বুলিও উল্লেখ কৰে ট্ৰাম্পে।
পাৰমাণৱিক শক্তি ক্ষেত্রত দুয়ো দেশে সহযোগিতা বৃদ্ধি কৰিব বুলিও আলোচনাত মন্তব্য কৰে
প্রধানমন্ত্রী মোডীয়ে। লগতে প্রতিৰক্ষা ক্ষেত্রত আমেৰিকাৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু দুয়োখন দেশে সন্ত্রাসবাদৰ বিৰোধী কৰা বুলিও তেওঁ উল্লেখ কৰে।