/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bridge.jpg)
ডিজিটেল ডেস্ক: শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী নদীত পথচাৰী সকলৰ বাবে "অটল দলং "। প্ৰধানমন্ত্ৰীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত হ'ব।
উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে নদী খনৰ দলঙৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। ভ্ৰমণৰ প্ৰথম দিনা মোডীয়ে সন্ধিয়া সাবৰমতী নদীৰ সন্মুখত খাদী উৎসৱ অনুষ্ঠানত এক সমাৱেশক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে একেঠাইৰ পৰা আহমেদাবাদ পৌৰ নিগমে নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰিব।
দলংখনৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে ৰখা হৈছে। আকৰ্ষণীয় ডিজাইন আৰু এলইডি লাইটেৰে সজ্জিত, দলংখন প্ৰায় ৩০০ মিটাৰ দীঘল আৰু ১৪ মিটাৰ বহল।
আৰু পঢ়ক: বাধা আঁতৰিল! সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিলে ফিফাই