/asomiyapratidin/media/media_files/2025/07/25/ffff-2025-07-25-11-59-17.jpg)
ডিজিটেল ডেস্কঃ কেইবাখনো দেশ ভ্ৰমণত ব্যস্ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শেহতীয়াকৈ ব্ৰিটেইনত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে জুতি ল'লে অসমৰ চাহৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক এই চাহমেলত সংগ প্ৰদান কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
চৰকাৰী কাৰ্যসূচীৰে বিট্ৰেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই চাহমেলৰ কথা সামাজিক মাধ্যমযোগে নিজেই ৰাজহুৱা কৰিছে। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে- Chai Pe Charcha’ with PM Keir Starmer at Chequers...brewing stronger India-UK ties!
উল্লেখ কৰা প্ৰয়োজন যে, দুগৰাকী যুৱকে অসমৰ এই চাহ পৰিৱেশন কৰে ব্ৰিটেইনত। দুগৰাকী যুৱকে প্ৰধানমন্ত্ৰীক চাহ প্ৰস্তুত কৰি দিয়াৰ লগতে এই চাহৰ বিশেষত্বৰ কথাও উল্লেখ কৰে। ব্ৰিটেইনৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় মালদ্বীপত।