বিজ্ঞানৰ বিফলতা নাথাকে, থাকে কেৱল উদ্ভাৱনৰ চিন্তাঃ ইছৰ’ৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

বিজ্ঞানৰ বিফলতা নাথাকে, থাকে কেৱল উদ্ভাৱনৰ চিন্তাঃ ইছৰ’ৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

author-image
asomiyapratidin
New Update
বিজ্ঞানৰ বিফলতা নাথাকে, থাকে কেৱল উদ্ভাৱনৰ চিন্তাঃ ইছৰ’ৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সম্পূৰ্ণ মিচনৰ সন্দৰ্ভত শনিবাৰে পুৱা ৮ বজাত ইছৰ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰে।

Advertisment

প্ৰধানমন্ত্ৰী মোডীয়ে বিজ্ঞানী সকলক উদ্দ্যেশি কয়, 'আপোনালোক সকলোলৈকে আহিবলগীয়া মিচনৰ বাবে জনাইছো বহুত বহুত শুভকামনা। আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো আপোনালোকৰ সংকল্প মোতকৈ দৃঢ়। আপোনালোক নিজেই নিজৰ বাবে প্ৰেৰণাৰ সাগৰ।'

দেশবাসীক সম্বোধন কৰি মোডীয়ে দিয়া ভাষণত কয়, 'ভাৰত মাতাৰ সন্মান আগত ৰাখিবলৈ আপোনালোকৰ নিজৰ জীৱনটো উছৰ্গিত কৰে। আপোনালোকে বিগত কেবাটাও ৰাতি শুৱা নাই। মই দেখিছো লেণ্ডাৰ বিক্ৰমৰ সৈতে সংঘোগ বিচ্ছিন্ন হোৱাৰ পাছত আপোনালোক সকলো নিৰৱ হৈ পৰিছে। কিন্তু চিন্তাৰ কাৰণ নাই। এতিয়াৰে পৰা আমি আৰু অধিক শক্তিশালী ভাৱে আগবাঢ়িম।'

চন্দ্ৰাভিজানৰ সন্দৰ্ভত মোডীয়ে লগতে কয়, 'বিজ্ঞানীসকলৰ লগত আমি সদায় আছো। আপোনালোকৰ অশেষ প্ৰচেষ্টাৰ বাবে আমি মঙল গ্ৰহলৈ মঙলযান পঠিয়াব পাৰিছো। আমাৰ চন্দ্ৰযান-১কে আমাক খবৰ দিলে যে, চন্দ্ৰত পানী আছে। মই এই চেগতে মহাকাশ বিজ্ঞানীসকলৰ পৰিয়ালকো চেল্যুত জনাইছো। আমি মাকনত আচ টনা মানুহ নহয়। আমি শিলত আচ টনা মানুহ।'

'…চন্দ্ৰযানৰ ফলাফল যিয়ে নহওক, কিন্তু মই সদায় দেশৰ বিজ্ঞানী আৰু অভিযন্তাসকলক লৈ গৌৰৱ কৰো। মই আপোনালোকৰ লগত আছো। সমগ্ৰ দেশ আপোনালোকৰ লগত আছে।' ভাষণত মোডীয়ে লগতে কয়, 'সবাটোকৈ ডাঙৰ শিক্ষক হৈছে বিজ্ঞান। ইয়াত কোনো বিফলতা নাথাকে। থাকে মাথো নতুন উদ্ভাৱনৰ চিন্তা। চন্দ্ৰযানৰ অন্তিম ফলাফল যদিও ভাল নহয়, তথাপিও আমি মনত ৰাখিব লাগিব যে এই যাত্ৰা আমাৰ বাবে আছিল এক গৌৰৱৰ যাত্ৰা।'

'…লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হলেও চন্দ্ৰযান-২ত সংলগ্ন অৰ্বিটাৰেৰে আমাক সকলো খবৰ দি থাকিব।' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত মাতাৰ জয় ধ্বনিৰে সামৰণি মাৰে দেশবাসীক সম্বোধন কৰি দিয়া এই ভাষণ।