/asomiyapratidin/media/media_files/2025/01/02/qH33XUBU7k0A6aKF5CLp.jpg)
ডিজিটেল ডেস্কঃ ঘনে ঘনে সলনি হৈছে বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। নতুন বছৰৰ প্ৰথম দিনটোত এক বৃহৎ ৰাজনৈতিক আলোড়ন দেখা গৈছে বিহাৰত। আৰ জে দি প্ৰধান লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল আৰিফ মহম্মদ খান।
জানিব পৰা মতে পূৰ্বে বিৰোধী দলপতি তেজস্বী যাদৱে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালক সাক্ষাৎ কৰা পাছতে ৰাজ্যপাল আৰিফ মহম্মদ খানে লালু যাদৱক সাক্ষাৎ কৰি নৱবৰ্ষৰ শুভেচ্ছা জনায়। ইয়াৰ সমান্তৰালকৈ তেওঁ লালু প্ৰসাদ যাদৱৰ পত্নী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীকো জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
ৰাজ্যপালৰ সঘনাই আৰজেডিৰ শীৰ্ষ নেতাৰ সৈতে হোৱা বৈঠকত পাটনাত ৰাজনৈতিক উষ্ণতা বৃদ্ধি পাইছে। ৰাজনৈতিক মহলত এই বৈঠকসমূহৰ পৰা বিভিন্ন অৰ্থ উলিয়াব ধৰিছে। বিহাৰৰ ৰাজনীতিৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰখা বহু বিশ্লেষকে কয় যে, এই বৈঠকসমূহত এটা গভীৰ বাৰ্তা লুকাই আছে। বিহাৰত কিছু ডাঙৰ ৰাজনৈতিক বিস্ফোৰণ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে বিজেপি হাইকমাণ্ডে।
আনহাতে বিহাৰ চৰকাৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ হস্তক্ষেপ ক্ৰমাৎ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে নীতিশ কুমাৰ আৰু তেওঁৰ দলটো। ইয়াৰোপৰি শ্বাহে এটা সাক্ষাৎকাৰৰ সময়ত কৈছিল যে দুয়োটা দলৰ নেতাই বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেইটো সিদ্ধান্ত ল’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বক্তব্যত ক্ষুব্ধ হৈ আছে নীতিশ কুমাৰ।