মহাদেৱৰ ‘ৰুদ্ৰ ৰূপ’ৰে ‘অপাৰেচন সিন্দূৰ’ৰ তুলনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ...

আকৌ জনসভাত 'অপাৰেচন সিন্দুৰ’ৰ জয়গান গাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ ভগৱান শিৱৰ 'ৰুদ্ৰ ৰূপ’ৰ সৈতে অপাৰেচন সেন্দুৰৰ তুলনা দি বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে হুংকাৰ

author-image
Asomiya Pratidin
New Update
814a5b8d-87d3-4b1b-a7db-559a46fe5f70

ডিজিটেল ডেস্কঃআকৌ জনসভাত 'অপাৰেচন সিন্দুৰ’ৰ জয়গান গাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ ভগৱানশিৱৰ 'ৰুদ্ৰ ৰূপ’ৰ সৈতে অপাৰেচন সেন্দুৰৰ তুলনা দি বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে হুংকাৰ তুলিলে জনসভাত।

‘অপাৰেচন সেন্দুৰ’য়ে বিশ্বৰ আগত দেশৰ শক্তি প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰি মোদীয়ে কয় যে ভাৰতক আক্ৰমণ কৰিবলৈ সাহস কৰাসকল ‘পাতাল লোক’ত লুকাই থাকিলেও ৰেহাই দিয়া নহ’ব। একে সময়তে কংগ্ৰেছ আৰু বিৰোধীক সমালোচনা কৰি মোদীয়ে কয় যে দেশে ‘অপাৰেচন সেন্দুৰ’ৰ সফলতা উদযাপন কৰি থকাৰ সময়ত কংগ্ৰেছ আৰু মিত্ৰশক্তিয়ে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁ কয় যে ভাৰতে পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা কথাটো বিৰোধী দলসমূহে হজম কৰিব পৰা নাই। প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে ‘অপাৰেচন সেন্দুৰ’ক ‘কৌতুক’ আখ্যা দি সেনাবাহিনীৰ শৌৰ্য্যক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে।

অভিযানৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰা সমাজবাদী পাৰ্টীকো আক্ৰমণ কৰে মোদীয়ে। উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল ২৬ জন ভাৰতীয়ৰ। ইয়াৰ পিছতে প্ৰতিশোধ স্বৰূপে ভাৰতে ৭ মে’ত ‘অপাৰেচন সেন্দুৰ’ আৰম্ভ কৰি পাকিস্তানস্থিত সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়।

ভাৰতৰ এই সামৰিক অভিযানে দেশৰ থলুৱা প্ৰতিৰক্ষা ক্ষমতা প্ৰদৰ্শনো কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত আজি উপস্থিত হৈ তেওঁ ২০০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

নৰেন্দ্ৰ মোডী