আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে কৰিলে বিশেষ মন্তব্য…

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে কৰিলে বিশেষ মন্তব্য…

author-image
asomiyapratidin
New Update
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে কৰিলে বিশেষ মন্তব্য…

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা নাৰী শক্তিক অভিবাদন জনায় আৰু কয় যে কেন্দ্ৰীয় চৰকাৰে নাৰী সকলৰ সন্মান আৰু সুযোগৰ ওপৰত বিশেষ গুৰুত্ব দি বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি যাব।

Advertisment

তেওঁ টুইট কৰি কয় যে নাৰী দিৱসৰ দিনা নাৰী শক্তি আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কৃতিত্বক অভিবাদন জনাইছো। ভাৰত চৰকাৰে সন্মান আৰু বিভিন্ন আঁচনিৰ ওপৰত বিশেষ গুৰুত্ব দি ইয়াৰ বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি থাকিব।"


— Narendra Modi (@narendramodi) March 8, 2022

উল্লেখ্য যে, ৮ মাৰ্চত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ কচ্ছৰ ধোৰ্ডো গাঁৱত মহিলা সন্ত শিবিৰত এখন আলোচনাচক্ৰত ভাষণ দিব।

assam womens day narendra modi