/asomiyapratidin/media/media_files/2025/05/21/PrXwclBdWiPEXTSzUaNd.jpg)
ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দুৰৰ দ্বাৰা ভাৰতে কেৱল পাকিস্তান দখল কৰা কাশ্মীৰে নহয়, পাকিস্তানৰ অন্তৰ্গত বাহাৱালপুৰ, মুৰিদ, ছিয়ালকোটৰ দৰে স্পৰ্শকাতৰ চহৰসমূহতো জৈছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ আত্মগোপন স্থানসমূহক লক্ষ্য কৰি লৈছিল। এই সংগঠনসমূহক ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু পৰিচালনাৰ বাবে দায়বদ্ধ বুলি গণ্য কৰা হয়।
ভাৰতে সমগ্ৰ পাকিস্তানৰ ৯টা স্থানত আঘাত হানিবলৈ বিমানেৰে নিক্ষেপ কৰা ক্ৰুজ মিছাইল, ল'টাৰিং গুলী আৰু দীৰ্ঘ দূৰত্বৰ ড্ৰোনকে ধৰি ষ্টেণ্ড অফ অস্ত্ৰ ব্যৱহাৰ কৰিছিল। ২০১৬ চনৰ উৰি অপাৰেচন বা ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণৰ দৰে পূৰ্বৰ সামৰিক সঁহাৰিৰ বিপৰীত আছিল অপাৰেচন সিন্দুৰ।
১৩ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বায়ুসেনাৰ ঘাটিত ঘোষণা কৰিছিল যে, ‘পাকিস্তানত সন্ত্ৰাসবাদীয়ে শান্তিৰে বহি উশাহ ল’ব পৰা ঠাই নাই। আমি তেওঁলোকক নিজৰ ঘৰত প্ৰৱেশ কৰি হত্যা কৰিম। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীক যেতিয়া পাকিস্তানে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰা হয়, তেতিয়া তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সক কয় যে ভাৰতৰ সঁহাৰি আৰু অধিক শক্তিশালী হ’ব।
ইফালে পাকিস্তানৰ পাৰমাণৱিক ভাবুকি সন্দৰ্ভত মোদীয়ে কয়, পাৰমাণৱিক ভাবুকিক আমি ভয় নকৰো। আমি সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সামৰিক সমৰ্থকসকলক একে বুলি গণ্য কৰো। আমি ষ্ট্ৰাইক কৰিব লাগে নে নাই সেই বিষয়ে আলোচনা কৰা হোৱা নাছিল। ক’ত কেতিয়া হ’ব সেই বিষয়েহে আলোচনা কৰা হৈছিল।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই নিশা ‘অপাৰেচন সিন্দুৰ’ৰ প্ৰতিটো কাৰ্যকলাপ ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিছিল। তেওঁৰ প্ৰত্যক্ষ অংশগ্ৰহণে স্পষ্ট কৰি দিয়ে যে, এইটো কেৱল সামৰিক সঁহাৰি নাছিল, বৰঞ্চ ৰাজনৈতিক-কৌশলগত বাৰ্তাও আছিল।