মোৰ বাবেই বিজেপি সাংসদৰ পুত্ৰই টিকট নাপালে, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নচলিব: মোডী

মোৰ বাবেই বিজেপি সাংসদৰ পুত্ৰই টিকট নাপালে, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নচলিব: মোডী

author-image
asomiyapratidin
New Update
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে কৰিলে বিশেষ মন্তব্য…

ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বিষটো উত্থাপন কৰে। মোডীয়ে কয় যে পৰিয়াল কেন্দ্ৰিয় ৰাজনীতিয়ে দেশ কুলষিত কৰি আছে । মোডীয়ে কয় যে "বিজেপি সাংসদ সকলৰ কোনো লৰা-ছোৱালীয়ে টিকট নাপালে। কিয়নো এয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত পৰে।তেওঁলোকে মোৰ বাবেই টিকট নাপালে। পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়েই দেশ খনক কুলষিত কৰিছে আৰু ইয়ে জাতিবাদক উদগনি জনাই"'।

Advertisment

মোডীয়ে এই বৈঠকত বৰ্তমান সময়ৰ চৰ্চিত ছবি দ্যা কাশ্মীৰ ফাইলচৰ ওপৰতো মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে এনে ধৰণৰ ছবি নিৰ্মাণ হৈ থাকিব লাগে। এনে ধৰণৰ ছবিৰ দ্বাৰা সত্য পোহৰলৈ আহে। দীৰ্ঘদিন ধৰি লুকাই ৰাখিব বিচৰা এক সত্যক এই ছবিখনে বাহিৰলৈ আনিছে। যি সকলে লুকুৱাব চেষ্টা কৰিছে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছে।

উল্লেখ্য যে, মঙলবাৰে দিল্লীৰ আম্বেদকাৰ ভৱনত বিজেপিৰ সংসদীয় কমিটিৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়াকৈ হৈ যোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ৪ খনতেই বিজেপিয়ে জয়লাভ কৰে। যি কেইখন আসনত বিজেপিয়ে পৰাজয় বৰন কৰিছে তাৰ কাৰণ সন্ধান কৰিবলৈ মোডীয়ে সাংসদ সকলক দায়িত্ব দিছে।

narendra modi bjp