/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/500c4c4e-00af-4193-9282-4dd6e79f7571/pm_modi.jpg)
modi rozgar mela
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ইশ্বৰৰ অৱতাৰৰ লগত তুলনা এগৰাকী মন্ত্ৰীৰ। উত্তৰ প্ৰদেশৰ মন্ত্ৰী গুলাব দেৱীয়ে বুধবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ঈশ্বৰৰ অৱতাৰৰ দৰে আৰু তেওঁ যেতিয়ালৈকে প্ৰধানমন্ত্ৰী পদত থাকিব বিচাৰে তেতিয়ালৈকে থাকিব পাৰিব।
তেওঁ কয় যে,"মোডীজী অৱতাৰৰ দৰে। তেওঁ এজন অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তি। কোনেও তেওঁলোকৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰে। যদি তেওঁ বিচাৰে, তেওঁ জীয়াই থকালৈকে প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰে।
একাংশ বিৰোধী নেতাই সংখ্যালঘু সম্প্ৰদায়ৰ এজন ব্যক্তিক প্ৰধানমন্ত্ৰী বনোৱা উচিত বুলি মন্তব্য কৰিছিল। এই সন্দৰ্ভত প্ৰশ্ন সোধাত কিয় কৈছে বুলি সোধাত দেৱীয়ে কয়, "অনুমানৰ দ্বাৰা একো নহয়। তেওঁ এনেকুৱা এক অসাধাৰণ ব্যক্তিত্ব। ঈশ্বৰে তেওঁক তেওঁৰ প্ৰতিনিধি হিচাপে পঠিয়াইছে।"
মন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে মানুহক তেওঁ যি বিচাৰে সেয়া কৰিবলৈ বাধ্য কৰে। চাওক, সমগ্ৰ দেশে তেওঁৰ কথা অনুসৰণ কৰে। ইয়াতকৈ অধিক গ্ৰহণযোগ্যতা কি হ'ব পাৰে," ।