/asomiyapratidin/media/media_files/2025/03/04/UTyP0p7V34LLnYtcvd5h.png)
মোদীয়ে মুকলি কৰিলে বনতাৰা
ডিজিটেল ডেস্ক: অৱশেষত মুকলি কৰা হ'ল অনন্ত আম্বানীৰ সপোনৰ প্ৰকল্প 'বনতাৰা'। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গুজৰাটত বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰাৰ উদ্বোধন কৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বনতাৰাত বন্যপ্ৰাণীৰ বাবে থকা বিভিন্ন সা-সুবিধাসমূহ । বনতাৰা ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে সিংহ, বাঘ, জিৰাফ, হাতী, কপৌকে ধৰি বহু জীৱ-জন্তুৰ সৈতে সময় কটায়। এটা বিশাল পাইথন, এটা দুমুখীয়া সাপ, এটা দুমুৰীয়া কাছ, উদ্ধাৰ কৰা নাহৰফুটুকী পোৱালি, বিশাল উট, ছীল আদি জন্তু পৰিদৰ্শন কৰে মোদীয়ে।
কেৱল ইমানেই নহয়, সিংহৰ পোৱালীক গাখীৰ খুৱাই দিয়াৰ লগতে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সৈতেও এক্ষন্তেক খেলিলে প্ৰধানমন্ত্ৰীয়ে। চিম্পাঞ্জীৰ পোৱালীকো গাত উঠাই লৈ মৰম কৰি দিয়ে মোদীয়ে। তেওঁ বগা সিংহ, কেৰাকেল পোৱালি আৰু নাহৰফুটুকী পোৱালিকো গাখীৰ খুৱাই দিয়ে। উল্লেখযোগ্য যে, মোদীয়ে গাখীৰ খোৱাই দিয়া বগা সিংহৰ পোৱালিটোৰ মাতৃক উদ্ধাৰ কৰি বনতাৰালৈ অনা হৈছিল।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বনতাৰা সংৰক্ষণ কেন্দ্ৰৰ উৎকৃষ্ট পশু চিকিৎসা সুবিধা আৰু বিৰল প্ৰজাতিৰ জীৱ-জন্তুৰ তথ্য গ্ৰহণ কৰে। জীৱ-জন্তুৰ অস্ত্ৰোপচাৰো চাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। চিকিৎসালয়ৰ এম আৰ আই কক্ষত উপস্থিত হৈ মোদীয়ে এছিয়াটিক সিংহৰ এম আৰ আই কৰা দৃশ্য পৰিদৰ্শন কৰে। সেই সময়ছোৱাত এটা নাহৰফুটুকীৰো অস্ত্ৰোপচাৰ চলি আছিল। সেই নাহৰফুটুকীটোক ঘাইপথত এখন গাড়ীয়ে খুন্দা মাৰিছিল, তাৰ পিছতে উদ্ধাৰ কৰি লৈ অনা হৈছিল বনতাৰালৈ।
গুজৰাটৰ ভান্তৰা সংৰক্ষণ কেন্দ্ৰত দুহেজাৰৰো অধিক প্ৰজাতি আৰু ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা প্ৰাণী আছে। প্ৰধানমন্ত্ৰী মোদীয়ে বনতাৰাত বিভিন্ন সা-সুবিধা চোৱাচিতা কৰা চিকিৎসক, সহায়ক কৰ্মচাৰী আৰু শ্ৰমিকৰ সৈতেও মত বিনিময় কৰে।