/asomiyapratidin/media/media_files/2025/03/24/bGrer08KYEgO2KS9cIlq.png)
সাংসদৰ দৰমহা বৃদ্ধি
ডিজিটেল ডেস্ক: বৃদ্ধি পালে সাংসদৰ দৰমহা। এতিয়াৰে পৰা সাংসদসকলে ১ লাখ টকাৰ পৰিৱৰ্তে ১.২৪ লাখ টকা দৰমহা হিচাপে লাভ কৰিব। লগতে সাংসদসকলৰ পেঞ্চন আৰু ভাট্টাও বৃদ্ধি কৰিছে চৰকাৰে। সাংসদসকলৰ দৈনিক ভাট্টা ৫০০ টকা বৃদ্ধি কৰা হৈছে। দৈনিক ভাট্টা এতিয়া ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি পাইছে। ৫ বছৰৰ পাছত সাংসদসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই দৰমহা বৃদ্ধি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰাহে প্ৰযোজ্য হ’ব। এই সিদ্ধান্তৰ পূৰ্বে সাংসদসকলৰ পেঞ্চন আছিল ২৫ হাজাৰ টকা, এতিয়া ৩১ হাজাৰলৈ বৃদ্ধি কৰা হৈছে। একেদৰে দুবাৰ বা তিনিবাৰ সাংসদ হোৱা সকলৰ অতিৰিক্ত পেঞ্চন ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।
উল্লেখযোগ্য যে, সাংসদসকলে পূৰ্বৰে পৰা ফোন আৰু ইণ্টাৰনেট ব্যৱহাৰৰ বাবে বাৰ্ষিক ভাট্টা লাভ কৰে। ইয়াৰ উপৰিও সাংসদে নিজৰ লগতে পৰিয়ালৰ বাবে প্ৰতি বছৰে ৩৪খন বিনামূলীয়া ঘৰুৱা বিমানৰ সুবিধা আৰু যিকোনো সময়তে প্ৰথম শ্ৰেণীৰ ৰেল যাত্ৰাৰ সুবিধাও লাভ কৰে। সাংসদসকলে বছৰি ৫০ হাজাৰ বিনামূলীয়া বিদ্যুৎ ইউনিট আৰু ৪ হাজাৰ কিলোলিটাৰ পানীৰ সুবিধা লাভ কৰে। তেওঁলোকৰ বাসগৃহ আৰু বসবাসৰ ব্যৱস্থাও চৰকাৰৰ তৰফৰ পৰা কৰা হয়।