/asomiyapratidin/media/media_files/2025/03/05/tPz116DzObVSyUV0gUIz.jpg)
কেদাৰনাথলৈ ৰ'প-ৱে
ডিজিটেল ডেস্ক: আপুনি কেদাৰনাথ ধামলৈ যাম বুলি ভাবিছে নেকি? ১২.৯ কিলোমিটাৰ খোজ কাঢ়িব নোৱাৰাৰ বাবে দেৱভূমিলৈ যোৱাৰ পৰা বিৰত আছে নেকি?
তেনে এতিয়াৰ পৰা আৰু চিন্তা নাই।
চাৰি ধাম যাত্ৰীৰ বাবে এটা ভাল খবৰ। দেৱভূমি উত্তৰাখণ্ডৰ বাবে মোদী কেবিনেটে আগবঢ়াইছে ডাঙৰ উপহাৰ। বুধবাৰ (৫ মাৰ্চ ২০২৫) কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকে উত্তৰাখণ্ডৰ কেদাৰনাথ ধামৰ বাবে ৰ’পৱে প্ৰকল্পত অনুমোদন জনাইছে।
সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ ১২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে নিৰ্মাণ কৰা হ’ব, য’ত ব্যয় হ’ব ৪০৮১ কোটি টকা। এই ৰ'প-ৱে ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক ব্যৱস্থাপনাই নিৰ্মাণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনায়, "ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে, বৰ্তমান ৮-৯ ঘণ্টাত সম্পূৰ্ণ হোৱা যাত্ৰা ৩৬ মিনিটলৈ হ্ৰাস পাব। ইয়াত ৩৬ জন লোকৰ বহাৰ ক্ষমতা থাকিব।" ইয়াৰ দ্বাৰা স্থানীয় ব্যৱসায়ীসকলো লাভৱান হ’ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে চাৰি ধাম যাত্ৰাৰ প্ৰসাৰ ঘটাব, যাৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি হোৱাৰ লগতে উপকৃত হ’ব স্থানীয় ব্যৱসায়ীসকল। ইয়াৰ দ্বাৰা সমগ্ৰ ছমাহলৈকে তীৰ্থযাত্ৰীসকলৰ চলাচল অব্যাহত থাকিব। কেৱল এয়াই নহয়, পৰ্যটক আৰু ভক্তৰ আগমনৰ ফলত কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us