গুজৰাটৰ দলং দুৰ্ঘটনা ! উপস্থিত প্ৰধানমন্ত্ৰী মোডী...

পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী মোডী মৰবিত উপস্থিত

author-image
Asomiya Pratidin
New Update
গুজৰাটৰ দলং দুৰ্ঘটনা ! উপস্থিত প্ৰধানমন্ত্ৰী মোডী...

দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ গুজৰাটৰ শোকাৱহ দুৰ্ঘটনাৰ পাছত দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেওবাৰে গুজৰাটৰ মৰবিৰ মচ্ছু নদীৰ ওপৰত থকা ওলোমা দলং খহি পৰাৰ পিছত পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী মোডী মৰবিত উপস্থিত হয় ।

Advertisment

উল্লেখ্য যে, দুৰ্ঘটনাটোত প্ৰায় ১৪১জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে বোকাত পোত গৈ আছে ভালে সংখ্যক লোকৰ মৃতদেহ। মৃত্যু হোৱা লোক সমূহৰ ভিতৰত ৪৭ গৰাকীয়েই শিশু। অৱশ্যে উদ্ধাৰ অভিযান এতিয়াও চলি আছে। ঘটনাটোৰ তদন্তৰ বাবে এটা তদন্তকাৰী দল গঠন কৰা বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনাটোত মৃত্যু হোৱা মৃতকৰ আত্মীয়ৰ বাবে ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰা বুলি উল্লেখ কৰে।

river gujrat narendra modi gujrat accident