'সেন্দুৰ' যেতিয়া 'বাৰুদ' হয়, তাৰ পৰিণাম কি হ'ব পাৰে পাকিস্তানে এইবাৰ দেখিলে...

পেহেলগাম ঘটনাৰ এমাহৰ পিছত ৰাজস্থানৰ মাটিত ভৰি থৈ পাকিস্তান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা ভাৰতৰ কঠোৰ স্থিতিক লৈ পুনৰ উদাত্ত কন্ঠৰে সোৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

New Update
rfrff

ডিজিটেল ডেস্কঃ পেহেলগাম ঘটনাৰ এমাহৰ পিছত ৰাজস্থানৰ মাটিত ভৰি থৈ পাকিস্তান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা ভাৰতৰ কঠোৰ স্থিতিক লৈ পুনৰ উদাত্ত কন্ঠৰে সোৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিকানেৰত অনুষ্ঠিত হোৱা এক জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, পাকিস্তানী সন্ত্ৰাসবাদীক উত্তৰ দিবলৈ আমাৰ ২২মিনিটতেই যথেষ্ট। ২২তাৰিখৰ এই নৃশংস ঘটনাৰ প্ৰত্যুত্তৰ আমি ২২মিনিটত দিলো আৰু পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদীৰ ঘাটি তচনচ কৰি দিলো।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, আমি দেশৰ তিনিওটা সেনা বাহিনীক ফ্ৰী হেণ্ড দিছিলো। তেওলোকৰ পৰাক্ৰমৰ বাবেই পাকিস্তানে ভাৰতৰ ওচৰত আঠু লবলৈ বাধ্য হল।  আমাৰ দেশৰ সকলোৱে সংকল্প লৈছিল যে সন্ত্ৰাসবাদক মাটিৰ সৈতে মিলাই দিব। আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশবাসীৰ একত্ৰিত এই যুজত আমি জয়ী হলো। মই দেশবাসীক অভিনন্দন জনাব বিচাৰিছো। 

তেও লগতে কয়- সন্ত্ৰাসবাদীয়ে ধৰ্মৰ ভিত্তিত আমাৰ ভগ্নীসকলৰ শিৰ উকা কৰি দিছিল। সেই গুলী পেহেলগামত চলিছিল যদিও দেশৰ ১৪০কোটি জনতাৰ বুকু ভেদি গৈছিল এই ঘটনাই। পাকিস্তানে পাহৰি গৈছিল যে, মা ভাৰতীৰ সেৱক মোডী এতিয়া বুকু ফিন্দাই ভাৰততে আছে। মোডীৰ মূৰ যদিও ঠাণ্ডা কিন্তু দেশৰ বাবে তেওৰ তেজ সদায়েই গৰম।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে সমূহ দেশবাসীক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভৱিষ্যতলৈও এনেদৰেই একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায়। তেও কয় যে, ভাৰতৰ সকলো শত্ৰুতে এইবাৰ প্ৰত্যক্ষ কৰিলে যে সেন্দুৰ যেতিয়া বাৰুদলৈ পৰিণত হয়, তাৰ পৰিণাম কি হ'ব পাৰে। 

নৰেন্দ্ৰ মোডী