আজি বিমান দুৰ্ঘটনাস্থল পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে...

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। মোডীয়ে কয় যে, আহমেদাবাদৰ এই শোকাৱহ ঘটনাই আমাক স্তম্ভিত কৰিছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dcxzcss

ডিজিটেল ডেস্কঃ   শুকুৰবাৰে ৮:৩০ বজাত আহমেদাবাদ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, তেওঁ স্থানত প্ৰায় ২ ঘণ্টাৰ বাবে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিছু সময় পাছতে ঘটনাস্থলীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। মোডীয়ে কয় যে, আহমেদাবাদৰ এই শোকাৱহ ঘটনাই আমাক স্তম্ভিত কৰিছে। 

এক্সত এটা পোষ্টত তেওঁ কয় যে, এই দুখজনক ঘটনাত ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ নিয়োগ হৈ থকা মন্ত্ৰী আৰু কৰ্তৃপক্ষৰ সৈতে মই খোদ যোগাযোগ কৰিছো।

উল্লেখ্য যে, চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত কালি সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ২৪২ জন যাত্ৰী কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছে।

নৰেন্দ্ৰ মোদী