/asomiyapratidin/media/media_files/2025/05/23/yXLOM0n3ExFYN9zXnuWO.jpg)
আদৰ্শ বিদ্যালয়, ঘিলামৰাৰ বিত্তীয় কেলেংকাৰীত ৰাজনৈতিক হস্তক্ষেপ !
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঘিলামৰাৰ শৈক্ষিক স্বাভিমানী ইতিহাসত কলংকিত অধ্যক্ষ হিচাপে নাম খোদিত কৰিছে এগৰাকী দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে। তেওঁৰ নাম লক্ষজিৎ হাজৰিকা । আদর্শ বিদ্যালয় সংগঠন, অসমৰ দ্বাৰা পৰিচালিত চি বি এছ ই পাঠ্যক্ৰমৰ অন্তৰ্গত আদৰ্শ বিদ্যালয় ঘিলামৰাৰ প্ৰশাসনিক মুৰব্বী হাজৰিকাই বিদ্যালয়খনক পৈত্রিক সম্পত্তি হিচাৰে গণ্য কৰি অসৎ পন্থাৰে বিশাল পৰিমাণৰ পুঁজি হৰলুকী কৰাৰ ধাৰাবাহিক বাতৰি প্ৰকাশ কৰি অহা হৈছিল ।
কেৱল সেয়ে নহ,য় বিদ্যালয়লৈ আৱণ্টিত (পি এম পোষণ)মধ্যাহ্ন ভোজনৰ প্ৰায় ৪১ হাজাৰ পুঁজি ঘিলামৰাৰ ডিপ্লো শৰ্মাৰ নামত এজন ফাৰ্নিচাৰ ব্যৱসায়ীলৈ ব্যক্তিগত একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি আৰু তেওঁৰেই ব্যৱসায়িক প্ৰতিষ্ঠান দিচাং ইলেকট্ৰনিকচলৈ ১৫ হাজাৰ টকা অবৈধভাৱে সৰকাই দিছিল । তাৰোপৰি দুৰ্নীতিপৰায়ন অধ্যক্ষজনে নিজৰ একাউণ্টলৈ পি এম পোষণৰ প্ৰায় ১লাখ ৬০ হাজাৰ ৪৬১ টকা উলিয়াই নি বিদ্যালয়ৰ পুঁজি হস্তগত কৰিছিল ।
পৰৱৰ্তী সময়ত এইজন অধ্যক্ষই বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হেমন্ত কুমাৰ চুব্বাক "ভেণ্ডৰ" সজাই তেওঁৰ একাউণ্টলৈ ধাৰাবাহিকভাৱে বিভিন্ন শিতানৰ বৃহৎ পৰিমাণৰ পুঁজি অসৎ নীতিৰে ট্ৰেন্সফাৰ কৰি দিছিল । অন্যহাতে অধ্যক্ষ হাজৰিকাই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ পৰা পুঁজি সংগ্ৰহ কৰি শিক্ষাৰ্থীসকলক শিক্ষামূলক ভ্ৰমণলৈ নি অন্য এক বিত্তীয় অনিয়মৰ সূত্ৰপাত ঘটাইছিল ।
তাৎপৰ্যপূৰ্ণ দিশ হ’ল- শিক্ষামূলক ভ্ৰমণৰ বাবে শিক্ষাৰ্থীৰ পৰা বলপূৰ্বকভাৱে পুঁজি সংগ্ৰহ কৰাতো বন্ধ কৰি আদৰ্শ বিদ্যালয় সংগঠন অসমে যোৱা ২০২৪ বর্ষত নিৰ্দেশ নম্বৰ এ বি এছ/ই এছ টি টি / চাৰ্কুল এণ্ড নটিফিকেচন/ ২০২৩/৪৯ যোগে এক স্পষ্ট নিৰ্দেশ জাৰি কৰি থৈছিল । কিন্তু চৰকাৰী নিৰ্দেশনালৈকো বুঢ়া আঙুলি দেখুৱাই অধ্যক্ষজনে অবৈধভাৱে ধন সংগ্ৰহ কৰি এনে ভ্ৰমণ কৰিছিল । অন্তৰালত আছিল সংগৃহীত পুঁজিলৈ লুলুপ দৃষ্টি ।
তাৰোপৰি বিদ্যালয় উন্নয়ন পুঁজিৰ প্ৰায় অৰ্ধলক্ষ পুঁজি অধ্যক্ষৰ নিজা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা , বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ পুঁজি , বিদ্যালয় ক্ৰীড়া সমাৰোহ শিতানৰ পুঁজিকে ধৰি বিভিন্ন শিতানৰ বিশাল পুঁজি হস্তগত কৰি বিত্তীয় কেলেংকাৰী সৃষ্টি কৰিছিল ।
এই সন্দৰ্ভত প্ৰামানিক তথ্য আৰু অভিযোগৰ ভিত্তিত একক ভাবে ধাৰাবাহিক বাতৰি প্ৰচাৰৰ পাছত লখিমপুৰ জিলা প্ৰশাসন , ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ তৰফৰ পৰা তদন্ত কৰিছিল । ঘিলামৰাৰ বৰদলনী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া চুমী শইকীয়াই তদন্ত কৰি কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল ।
বিপৰীতে একো বিধিগত ব্যৱস্থা বিদ্যালয়খনৰ স্বাৰ্থত গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। পৰৱৰ্তী সময়ত আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালন সঞ্চালিকা , অধ্যক্ষ , মুখ্যমন্ত্ৰী ,শিক্ষা মন্ত্ৰী আৰু সমগ্ৰ শিক্ষা অসমৰ পৰিচালনা সঞ্চালকলৈ অভিযোগ প্ৰেৰণ কৰা হৈছিল প্ৰকাশিত বাতৰি প্ৰেৰণ কৰি তাৰেই পৰিপ্ৰেক্ষিতত আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালন সঞ্চালিকাগৰাকীয়ে আৰম্ভ কৰিছিল উচ্চ পৰ্যায়ৰ তদন্ত ।
নথি পত্ৰসহ ,সাক্ষ্যগ্ৰহণ কৰিছিল অধ্যক্ষ আৰু গাননিকৰ । তদন্ত কালত এনে ভয়াৱহ বিত্তীয় অনিয়ম আৰু বিসংগতি প্ৰত্যক্ষ কৰি স্তম্ভিত হয় তদন্তকাৰী দলটো । শেহতীয়াভাৱে প্ৰশাসনীয় সূত্ৰে জনা মতে পৰিচালন সঞ্চালিকাগৰাকীয়ে অধ্যক্ষ লক্ষজিৎ হাজৰিকা , গাননিক অজিত ৰায় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হেমন্ত কুমাৰ চুব্বাৰ বেতন বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ।
তাৎপৰ্যপূৰ্ণ বিষয় হ’ল ধাৰাবাহিকভাৱে তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ হোৱাৰ পাছত চতুৰ অধ্যক্ষ হাজৰিকাৰ চক্ৰান্তত সহযোগিতা কৰি বিদ্যালয়ৰ ৫ গৰাকী অভিভাৱক তথা বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সদস্যই এনেবোৰ “প্ৰকাশিত বাতৰি মনে সজা ,ভিত্তিহীন আৰু বিদ্যালয়ৰ উন্নয়নৰ স্বাৰ্থত আঘাত হানিবলৈ কোনো দুষ্টচক্ৰই এই পৰিকল্পনা কৰিছে" বুলি লিখি স্বাক্ষৰ কৰি অধ্যক্ষৰ জৰিয়তে পৰিচালন সঞ্চালিকালৈ পত্ৰ প্ৰেৰণ কৰি নিজৰ লুণ্ঠনকাৰী চৰিত্ৰ ঢাকিবলৈ চক্ৰান্ত কৰিছিল হাজৰিকাই । পৰৱৰ্তী সময়ত উচ্চ পৰ্যায়ৰ তদন্ত কালত ভয়াৱহ বিত্তীয় অনিয়ম সুস্পষ্ট হৈ পৰাত থৰকাচুটি হেৰুৱাইছে এই অবিবেচকী পক্ষই।
এটা চৰকাৰী প্ৰতিষ্ঠানৰ পুঁজি কেলেংকাৰী সংঘটিত কৰা দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ গৰাকীক উদ্ধাৰ কৰিবলৈ এইসকল অবিবেচকী অভিভাৱকৰূপী মুনাফালোভী সদস্যই উঠি পৰি লগা কাণ্ডৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহনৰো প্ৰস্তুতি চলিছে । উল্লেখযোগ্য যে নিজৰ দুষ্কাৰ্যৰ বাবে ঘিলামৰাৰ এখন সমুজ্জল ভৱিষ্যত থকা চৰকাৰী খণ্ডৰ বিদ্যালয়ত কালিমা সনা অদক্ষ অধ্যক্ষ গৰাকী বাচিবলৈ এটা প্ৰভাৱশালী ৰাজনৈতিক চক্ৰৰ শৰনাপন্ন হৈছে । যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ স্পৰ্শকাতৰ বিষয়টোৰ লগতে বিত্তীয় অনিয়মৰ দিশটো ৰাজনৈতিক হস্তক্ষেপত পথচ্যুত হোৱাৰ আশংকা কৰা হৈছে ।